পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেদ পাঠৰ অধিকাৰ।

 সামাজিক কোনো হিন্দু শাস্ত্ৰত লেখা আছে যে, বেদ পাঠ কৰা আৰু “ওঁ” মন্ত্ৰ ব্ৰহ্ম গায়ত্ৰী জপ, আৰু স্বাহা বুলি অগ্নিত আহুতি দিবৰ শূদ্ৰ আৰু স্ত্ৰীলোকৰ অধিকাৰ নাই। কিন্তু গম্ভীৰ আৰু শান্তৰূপে অপোন আপোন মান অপমান জয় পৰাজয় আৰু সামাজিক স্বাৰ্থ এৰি বিচাৰ কৰি সাৰ ভাব গ্ৰহণ কৰিবা যাতে জগতৰ মঙ্গল হয়।
 অধিকাৰী অনধিকাৰী পৰমাত্মাৰ কৃত নহয়। সামাজিক মানুহৰ দ্বাৰাই কৃত। পৰমাত্মাই যাক যিহৰ অধিকাৰী কৰে তেওঁ সেই কামত অসমৰ্থ নহয়, তেওঁৰ কৃত অনধিকাৰী সেই কামত সমৰ্থ নহয়। যেনে চক্ষু দেখাৰ অধিকাৰী আৰু শুনাৰ অনধিকাৰী।কাণ শুনাৰ অধিকাৰী কিন্তু দেখাৰ অনধিকাৰী। চক্ষু দেখাত অক্ষম আৰু শুনাত সক্ষম আৰু কাণ শুনাত অক্ষম আৰু দেখাত সক্ষম কেতিয়াও নহয়। সেই দৰে পৰমাত্মা কৃত বেদ পাঠৰ অধিকাৰী বেদ বিমুখ আৰু অনধিকাৰী বেদ পাঠ কৰা সক্ষম নহয়। পৰমাত্মাই সকলোকে জ্ঞান দি বেদ পাঠৰ অধিকাৰী কৰি দিছে। যদি পৰমাত্মাই কাৰোবাক অনধিকাৰী কৰিলে হেতেন, তেনে আমাৰ কোনো বিবাদৰ প্ৰয়োজন নাথাকিল হেতেন। কাৰণ পৰমাত্মাকৃত অনধিকাৰী মানুহ কেতিয়াও সেই কাম অৰ্থাৎ বেদ পাঠ কৰিবৰ সক্ষম নহল হেতেন। এই প্ৰকাৰে অধিকাৰী অনধিকাৰীৰ ভাব বুজিবা।
 যাৰ ঘৰত এন্ধাৰ আছে তাৰে অগ্নিৰ প্ৰয়োজন হয়, যাৰ এন্ধাৰ নাই তাৰ অগ্নিৰ পোহৰৰ প্ৰয়োজনো নাই। সেই দৰে,যি লোকৰ অজ্ঞানতা আছে সেই লোকৰ জ্ঞানৰূপ পোহৰৰ প্ৰয়ো-