প্ৰণয়ন কৰিছে, ইও বেদৰ নিচিনা সত্য, ইয়াৰ মতে চলা উচিত। খৃষ্টানসকলে বোলে বাইবেল এক মাত্ৰ সত্য ধৰ্ম্ম পুস্তক, ঈশ্বৰ বাক্য, অন্যান্য ধৰ্ম্ম শাস্ত্ৰ মিছা। আৰু মুছলমানসকলে বোলে কোৰাণ হে এক মাত্ৰ সত্য শাস্ত্ৰ অন্যান্য শাস্ত্ৰ মিছা ভ্ৰমপূৰ্ণ।
বিচাৰ কৰি দেখা উচিত যে, এই সকলো ধৰ্ম্ম মতৰ মাজত কোনটি সঁচা আৰু কোন ধৰ্ম্মাবলম্বীয়ে যথাৰ্থ সত্য ধৰ্ম্ম আচৰণ কৰে? জিজ্ঞাস্য এই যে, সত্য এক নে অনেক? আৰু সেই সত্য স্বৰূপ ব্ৰহ্ম এক নে দুই? সত্য এক ব্যতীত দুই হব নোৱাৰে ই স্বতঃসিদ্ধ। আৰু সেই সত্য স্বৰূপ পৰব্ৰহ্ম এক ব্যতীত দুই নহয় ই সকলো শাস্ত্ৰৰে মত। যদি একে সত্য পুৰুষৰ দ্বাৰা বেদ বাইবেল কোৰাণ পুৰাণ তন্ত্ৰাদি লেখা হৈছে তেনে কেতিয়াও পৰস্পৰৰ মাজত বিৰোধ আৰু মত ভেদ নহব। ঈশ্বৰ মানুহ নহয় যে বয়সৰ সৈতে জ্ঞানৰ আৰু জ্ঞানৰ সৈতে মতৰ ভিন্নতা হব। ঈশ্বৰৰ দ্বাৰাই শাস্ত্ৰ লেখা হলে সকলো শাস্ত্ৰৰ এক মত হব সন্দেহ নাই। তথাপি সকলো শাস্ত্ৰৰ মাজত মত ভেদ দৃষ্ট হয় ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ আন একো নহয়, কেবল স্বাৰ্থপৰতা। যিসকলে আপোন আপোন স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে শাস্ত্ৰ লিখিছে সিহঁতৰ সৈতে আনলোকে লেখা শাস্ত্ৰৰ নিশ্চয় কেতিয়াও মিল নহব। যিসকল মহাপুৰুষে নিঃস্বাৰ্থভাবে সাৰতত্ব লিখিছে আৰু লিখিব সি সকলোৰে পক্ষে কল্যাণকৰ হব আৰু জগতৰ কাৰো সৈতে (অবশ্য সত্যতত্ত্বানুসষ্ট লোকৰ) অমিল নহব, ইয়াক নিশ্চয় জানিবা। সত্য সকলো ঠাইতে আৰু সকলোৰে ওচৰত সত্য। মিছা সকলো ঠাইত আৰু সকলোৰে ওচৰত মিছা। কিন্তু যি যেনে অৱস্থাত পৰিছিল তেওঁ সেই দৰে মত প্ৰকাশ কৰিছিল। আৰু সেই সেই অৱস্থাত পৰা