চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ পৰমাত্মা ধৰ্ম্মক চিনি পৰমানন্দে আনন্দৰূপে থাকিবৰ চেষ্টা কৰা।
মানুহ মাত্ৰৰে পৰমাত্মাক নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে পূৰ্ণৰূপে ভক্তি শ্ৰদ্ধা সহকাৰে ধাৰণ কৰা উচিত। যাতে জ্ঞান হৈ মুক্তস্বৰূপ পৰমানন্দে থাকিব পাৰে। এই অনাদি সনাতন ধৰ্ম্মৰ পৰা অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ জগদ্ গুৰু মাতা পিতা পৰমাত্মাৰ পৰা বিমুখ হলেই জগতত নানা প্ৰকাৰ কষ্ট আৰু অশান্তি হয়। যাৰ বোধ নাই ধৰ্ম্ম কি বস্তু অৰ্থাৎ পৰব্ৰহ্ম বা নিজে কি বস্তু তেওঁৰ ধৰ্ম্ম বিষয়ে সত্যাসত্য বোলা বা ধৰ্ম্ম প্ৰচাৰ কৰা উচিত নহয়। যাৰ বস্তু বোধ আছে, তাৰ জ্ঞান আছে, যাৰ জ্ঞান আছে,তাৰ শান্তি আছে। সেই লোকেই ধৰ্ম্ম কি বস্তু, তাক জানে,যাৰ বস্তু বোধ নাই, তাৰ জ্ঞান নাই, যাৰ জ্ঞান নাই তাৰ শান্তি নাই। সুতৰাং ধৰ্ম্ম আৰু নিজে কি বস্তু তাক কি প্ৰকাৰে জানিব। এনে মানুহৰ পৰা ধৰ্ম্ম প্ৰচাৰ হোৱা অমঙ্গল ব্যতীত মঙ্গল হবৰ কোনো প্ৰকাৰে সম্ভব নহয়।
বেদ কাক বোলে?
কোনো লোকে বোলে বেদ অনাদি ঈশ্বৰ প্ৰণীত, অপৰাপৰ শাস্ত্ৰ নতুন, মানব কল্পিত, ভ্ৰমপূৰ্ণ; অতএব বেদক ঈশ্বৰৰ বাক্য বুলি মান্য কৰি তাৰ মতে চলা উচিত। আৰু কোনোৱে বোলে যে বেদ অনাদি সঁচা কিন্তু সকলোৱে বেদৰ অৰ্থ বুজিব নোৱাৰে দেখি ঋষিসকলে বেদ অবলম্বন কৰি অন্যান্য শাস্ত্ৰ পুৰাণ তন্ত্ৰাদি