পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সাৰনিত্যক্রিয়া


দেশী ব্যষ্টি হৈ পৰে। কোনো সৰ্ব্বশক্তিমান আৰু পূৰ্ণ নহল দুয়োৰে অঙ্গহীন হল।
 সকলো সমাজৰ সকলোৱে বোলে যে, আমাৰ ইষ্ট দেৱতা পূৰ্ণ আৰু সৰ্ব্বশক্তিমান। কিন্তু বিচাৰ কৰা উচিত যে, পূৰ্ণপৰব্ৰহ্ম ইষ্ট-দেৱ বিৰাট চৰাচৰ সমস্তকে লৈ পূৰ্ণ আৰু সৰ্ব্বশক্তিমান, কিম্বা বিৰাট চৰাচৰ এৰি পূৰ্ণ আৰু সৰ্ব্বশক্তিমান? যদি বিৰাট চৰাচৰক লৈ পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হয় তেনে পৰব্ৰহ্মৰ পূৰ্ণ আৰু সৰ্ব্বশক্তি- মান হোৱা সম্ভব। পূৰ্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপ চৰাচৰ এৰি পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হোৱা সম্ভৱ। কাৰণ যাৰ কোনো বিষয়ে কিঞ্চিন্মাত্ৰও নাম ৰূপ শক্তি প্ৰভৃতিৰ অভাৱ থাকে তাৰ পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হোৱা কেতিয়াও সম্ভৱ নহয়। এটা পূৰ্ণ আৰু সৰ্ব্ব- শক্তিমান সত্যৰ মাজত আৰু এটা পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ব্যষ্টি বা কিঞ্চিৎ শক্তিমান সত্য বা অসত্য থাকিব নোৱাৰে। এই জগদগুৰু বিৰাটব্ৰহ্ম কাৰণ, সূক্ষ্ম, স্থূল, চৰাচৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অৰ্থাৎ পৃথিবী, জল, অগ্নি, বায়ু, আকাশ, তৰাবোৰ, বিদ্যুৎ, চন্দ্ৰমা, আৰু সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ জীব, জন্তু, স্থাবৰ, জঙ্গম প্ৰভৃতি সৈতে পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ৰূপে অনাদি বিৰাজমান আছে। এই পূৰ্ণ আৰু সৰ্ব্বশক্তিমান বিৰাটৰহ্মৰ মাজত দ্বিতীয় পূৰ্ণ বা ব্যষ্টি অৰ্থাৎ সৰ্ব্বশক্তিমান বা কিঞ্চিৎ শক্তিমান ক’ত থাকিব?
  এই পূৰ্ণ পৃথিবীৰ মাজত আৰু এখন পৃথিবী থাকিব নোৱাৰে।ইয়াক আঁতৰালেহে থকা সম্ভৱ। সেই দৰে এই আকাশত বিৰাট পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নিৰাকাৰ, সাকাৰ, কাৰণ, সূক্ষ্ম স্থূল চৰাচৰ সৈতে সৰ্ব্বশক্তিমানৰূপে বিৰাজমান আছে। যদি এওঁকে পূৰ্ণ আৰু সৰ্ব্বশক্তিমান বোলা তেনে সম্ভব, নতুবা এওঁক এৰি আন