পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সৰ্ব্বশক্তিমান পূর্ণপৰব্ৰহ্ম


মানন্দে আনন্দৰূপে থাকিবৰ চেষ্টা কৰা। এইটো স্বতঃসিদ্ধ যে, এঠাইত এজন বহি থাকিলে তেওঁক নেখেদাই আন কোনো বহিব নোৱাৰে। একমাত্ৰ সৰ্ব্বব্যাপী বিৰাট পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু আত্মা মাতা-পিতা সকলো ঠাইতে পৰিপূৰ্ণ হৈ বিৰাজমান আছে। যদি এওঁৰ বাহিৰে তোমালোকৰ দেব-দেবী বেলেগ বেলেগ হয়, তেনেহলে তেওঁবিলাক ক’ত আছে আৰু থাকিব? এওঁক নেখেদালে সিহঁতে ঠাই নাপাব কিন্তু এওঁৰ আঁতৰিবৰ ঠাই নাই। কাৰণ এওঁ সকলো ঠাইতে পৰিপূৰ্ণ আছে। ইত্যাদি সাৰ ভাব বুজি বিচাৰ কৰি আপোনাৰ ইষ্ট দেবতাক চিনিবৰ ইচ্ছা কৰা।

সৰ্ব্বশক্তিমান পূৰ্ণপৰব্ৰহ্ম

 পূৰ্ণ বৃক্ষ বুলিলে তাৰ শিপা, গুৰি, শাখা, প্ৰশাখা, পাত, ফুল, গুটী, সোৱাদ প্ৰভৃতি সকলো প্ৰকাৰ গুণ শক্তি নামৰূপে সৈতে সৰ্ব্বগুণ আৰু শক্তিবিশিষ্ট পূৰ্ণ বৃক্ষ বোলে। তাৰ এটা মাত্ৰ শাখা, পাত গুণ কিম্বা শক্তি বাদ দিলে পূৰ্ণ বৃক্ষ বোলা নাযায়, বৃক্ষৰ অঙ্গহীন হয়। সেই দৰে নিৰাকাৰ সাকাৰ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ, এক অংশ ৰূপ গুণ বা শক্তি বাদ দিলে তাক সৰ্ব্বশক্তিমান পূৰ্ণপৰব্ৰহ্ম বোলা নাযায়, অঙ্গহীন হয়। যদি কোনোৱে নিৰাকাৰ এৰি কেবল সাকাৰ উপাসনা কৰে, কিংবা সাকাৰ এৰি কেবল নিৰাকাৰ উপাসনা কৰে তেনে পূৰ্ণৰূপে আপোনাৰ ইষ্টদেৱৰ উপাসনা কৰা নহয়। সাকাৰ একদেশী ব্যষ্টি আৰু নিৰাকাৰ এক-