কৰিম, কাৰণ এয়েই মাতা-পিতাৰ শুদ্ধ অৱস্থা। যেতিয়া মাতা-পিতা জাগৰিত হয়, তেতিয়া মাতা-পিতাৰ বাহ্যিক অৱস্থা,এই অৱস্থাত মাতা-পিতাক ভক্তি শ্ৰদ্ধা নকৰো। সকলোৰে বুজা উচিত যে নিদ্ৰিত অৱস্থাত যি মাতা-পিতা নিৰাকাৰ নিৰ্গুণ ভাবত আছিল সেই মাতা-পিতাই হে জাগৰিত অৱস্থাত সাকাৰ সগুণৰূপে প্ৰকাশ হৈ অনন্তশক্তি দ্বাৰাই অনন্ত কাৰ্য্য় সম্পাদন কৰিছে। সুপাত্ৰ পুত্ৰ-কন্যাৰ বিচাৰ কৰি জাগৰিত অবস্থাপন্ন মাতা-পিতাক বিশেষৰূপে শ্ৰদ্ধা-ভক্তি কৰা উচিত। কাৰণ মাতা-
পিতাই জাগৰিত অবস্থাত হে সকলো প্ৰকাৰ বোধাবোধ কৰে। নতুবা মাতা-পিতাৰ কেবল নিদ্ৰিত অবস্থাত ভক্তি-শ্ৰদ্ধা কৰিলে কি হব? কিন্তু নিদ্ৰিতাবস্থাপন্ন মাতা-পিতাক অভক্তি কৰিলে জাগবিতাবস্থাপন্ন মাতা-পিতাকো অভক্তি কৰা হয়। আৰু জাগৰিতাবস্থাপন্ন মাতা-পিতাক অভক্তি কৰিলেও নিদ্ৰিতাবস্থাপন্ন মাতা-পিতাক অভক্তি কৰা হয়। কাৰণ মাতা-পিতাৰে হে এই দুয়ো প্ৰকাৰৰ অবস্থা মাত্ৰ। অতএব নিৰাকাৰ সাকাৰ একে জানি অখণ্ডাকাৰে পূৰ্ণৰূপে পৰব্ৰহ্ম জ্যোতি:স্বৰূপক শ্ৰদ্ধা-ভক্তি উপাসনা কৰিবা।
⸻
পঞ্চোপাসকৰ ভ্ৰম মীমাংসা
পঞ্চোপাসকসকলে অজ্ঞানতাত নুবুজি, পৰস্পৰে বিৰোধ কৰি মনত কত অশান্তি ভোগ কৰিছে তাক কোৱা টান। যথাৰ্থ পক্ষত কোনেও আপোন মঙ্গলকাৰী ইষ্ট দেবতা, পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃ-