পুত্ৰ-কন্যাৰ কাৰণ হল। কিন্তু স্বৰূপ পক্ষত পিতা পুত্ৰ-কন্যা সৈতে এক অদ্বৈত বস্তু জানিবা। আৰু স্বৰূপ পক্ষত পিতা, পুত্ৰ, কন্যা নাম একেবাৰেই নাই আৰু দ্বৈত আৰু অদ্বৈত ভাবো একেবাৰেই নাই। কাৰণ পিতা, পুত্ৰ, কন্যা নাম উপাধি এৰি সাৰ বস্তুৰ ফালে চালে সাৰ বস্তু যি সেয়েই থাকে। কেৱল পিতা, পুত্ৰ, কন্যা নাম উপাধিৰ ফালে চালে দ্বৈত বুলি বোধ হয়। এই দৰে পিতা বিৰাট পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ আৰু পুত্ৰ-কন্যা তোমালোক চৰাচৰ স্ত্ৰী পুৰুষ ইত্যাদি জানিবা।
যেতিয়া জগত পিতা জগতস্বৰূপে বিস্তাৰ হোৱা নাই তেতিয়া তেওঁ, যেনে তেনেই আছিল, এতিয়াও যেনে তেনেই আছে আৰু পাছেও যেনে তেনেই থাকিব। স্বৰূপ পক্ষত তেওঁত দ্বৈত বা অদ্বৈত, নিৰাকাৰ বা সাকাৰ, নিৰ্গুণ বা সগুণ ভাব একেবাৰেই নাই আৰু নহব, হবৰ সম্ভাবনাও নাই, তেওঁ যেনে তেনেই পৰি পূৰ্ণৰূপে অখণ্ডাকাৰে সকলোৰে সৈতে অনাদি কালৰ পৰা স্বতঃ প্ৰকাশ বিদ্যমান আছে। কিন্তু তেওঁ যেতিয়া আপোন ইচ্ছাৰে এই জগত ব্ৰহ্মাণ্ড চৰাচৰ স্ত্ৰী পুৰুষ ইত্যাদি বিস্তাৰ কৰিলে তেতিয়া তেওঁৰ দুটি নাম কল্পনা কৰা হল, যথা দ্বৈত আৰু অদ্বৈত অৰ্থাৎ জীব আৰু ব্ৰহ্ম।
স্বৰূপ পক্ষে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ মাতা-পিতা অদ্বৈত জানিবা আৰু উপাধি ভেদে জীব শব্দ দ্বৈত জানিবা। যি পৰ্য্যন্ত জ্ঞান বা স্বৰূপ বোধ নহয় সেই পৰ্য্য়ন্ত দ্বৈত বা অদ্বৈত বোধ হব, আৰু তাক মানি মাতা-পিতাৰূপ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ ভক্তিৰে উপাসনা কৰিবা আৰু তেওঁৰ আজ্ঞা পালন কৰিবা। যাতে তোমাৰ জ্ঞান আৰু মুক্তি হয় আৰু শাৰীৰিক মানসিক কোনো প্ৰকাৰৰ