কাৰ ভাবে স্থিতি হব। অজ্ঞানী মানুহে নুবুজি, এই দেখি থকা বিনশ্বৰ স্থূল জগতক মিছা অৰ্থাৎ অস্তিত্ব ৰহিত বোলে। কিন্তু বিনশ্বৰ মিছা নহয়, অৰ্থাৎ অস্তিত্ব ৰহিত নহয়। সঁচাৰ পৰা হৈছে কি প্ৰকাৰে মিছা হব? কেবল ৰূপান্তৰ হয় মাত্ৰ। স্থূল বস্তু জুইৰ সংযোগত জুই ৰূপ হয়, জুই নুমাই বতাহ স্বৰূপ হয়, বতাহ নিস্পন্দ হৈ আকাশ স্বৰূপ হয়, আকাশৰ শব্দ নিষ্পদ হৈ মহাকাশ হয়, মহাকাশৰ পৰা অৰ্দ্ধমাত্ৰা, অৰ্দ্ধমাত্ৰাৰ পৰা বিন্দু, আৰু বিন্দু কাৰণ পৰব্ৰহ্মত স্থিতি হয়। ইয়াকে শাস্বত বিলোম বোলে। অনুলোম অৰ্থাৎ নিৰাকাৰ পৰব্ৰহ্মৰ পৰা বিন্দুস্বৰূপ, বিন্দুৰ পৰা অৰ্দ্ধমাত্ৰা, অৰ্দ্ধমাত্ৰাৰ পৰা মহাকাশ, মহাকাশৰ পৰা আকাশ, আকাশৰ পৰা বতাহ, বতাহৰ পৰা জুই, জুইৰ পৰা পানী, পানীৰ পৰা পৃথিবী হয়। এই প্ৰকাৰ বিস্তাৰ হোৱাক শাস্ত্ৰত অনুলোম বোলে। এই সমস্তৰ পৰা সকলো চৰাচৰ স্ত্ৰী পুৰুষ বিৰাট ভগবানৰ সূক্ষ্ম আৰু স্থূল শৰীৰ সজা হৈছে। যথা, পৃথিবীৰ পৰা সকলো চৰাচৰ স্ত্ৰী পুৰুষৰ হাড় আৰু মঙ্গহ হৈছে। পানীৰ পৰা তেজ, ৰস আৰু নাড়ী হৈছে। জুইৰ পৰা ভোক লাগি আহাৰ কৰিছে, অন্ন পৰি- পাক হৈছে। বতাহৰ পৰা শ্বাস-প্ৰশ্বাস চলিছে আৰু কথা কৈছে। আকাশৰ পৰা কাণৰ বাটে শব্দ শুনিছে। মহাকাশৰ পৰা সকলোকে ধাৰণ কৰিছে। অৰ্দ্ধমাত্ৰা চন্দ্ৰমা জ্যোতিৰ পৰা মনৰ দ্বাৰাই সকলো বুজিছে, আৰু দিন ৰাতি সঙ্কল্প বিকল্প উঠিছে। আৰু বিন্দুৰূপ সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ, তোমাৰ মস্তকৰ ভিতৰত বাহিৰত বিদ্য-মান আছে,তেওঁৰপৰা চেতন হৈ চকুৰ দুৱাৰে ব্ৰহ্মাণ্ড ৰূপ দেখিছা আৰু সৎ অসৎ বিচাৰ কৰিছা। আৰু তুমি আৰু সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ এক অভেদ হৈ নিৰাকাৰ নিৰ্গুণ কাৰণত স্থিতি