জানিবা। এই স্থূল লিঙ্গ চৰাচৰ, সূক্ষ্ম লিঙ্গ সূৰ্য্যনাৰায়ণত মিহলি হব। আৰু সূক্ষ্ম লিঙ্গ জ্যোতি স্বৰূপ সৰ্য্যনাৰায়ণ কাৰণ লিঙ্গ নিৰাকাৰ নিৰ্গুণৰূপে স্থিতি হব। পৃথিবী, জল (পানী), অগ্নি (জুই),বায়ু (বতাহ), আকাশ, পঞ্চতত্ত্বকে পঞ্চ লিঙ্গ বোলে।
পৃথিবী, পানী, জুই, বতাহ, আকাশ, চন্দ্ৰমা, সৰ্য্যনাৰায়ণক অহঙ্কাৰে সৈতে অষ্ট শিব মূৰ্ত্তি বোলে, যথা, “ক্ষিতিমুত্তায় নমঃ,” “জলমূৰ্ত্তায় নমঃ” ইত্যাদি। ইয়াকে শিবৰ অৰ্থাৎ পৰব্ৰহ্মৰ লিঙ্গাকাৰ বোলে।
বিনশ্বৰ, অবিনশ্বৰ, অনুলোম, বিলোম
বিনশ্বৰ অৰ্থাৎ মিছাৰ পৰা কেতিয়াও সচা হব নোৱাৰে। সুতৰাং মিছাৰ পৰা কেতিয়াও সৃষ্টি হব নোৱাৰে। আৰু অবিনশ্বৰ অৰ্থাৎ সঁচা কেতিয়াও মিছা হব নোৱাৰে। সঁচা সচাই থাকে, আৰু এক ব্যতীত দুই হব নোৱাৰে। সত্যৰ পৰা সকলো উৎপত্তি আৰু সকলো প্ৰকাৰ ভাব হব পাৰে। এক মাত্ৰ সত্য স্বৰূপ পৰমাত্মা সৰ্ব্বশক্তিমান পৰিপূৰ্ণৰূপে বিদ্যমান আছে, সেই জনেই এক মাত্ৰ সত্য অবিনশ্বৰ। অবিনশ্বৰ সত্য বস্তু প্ৰমাত্মাক বোলে। বিনশ্বৰ মিছা নামৰূপ উপাধিক বোলে। সত্যস্বৰূপ নিৰাকাৰ পৰব্ৰহ্মই হে কাৰণ সূক্ষ্ম, স্থূল, জগত স্বৰূপ নাম ৰূপে বিদ্যমান আছে। এই জগত নানা নামৰূপ স্থূল, সূক্ষ্মত লয় হয়, আৰু সূক্ষ্ম কাৰণত স্থিতি হয়। এই সাকাৰ জগত স্বৰূপ দৃশ্যমান পদাৰ্থ, যি কাৰণ পৰব্ৰহ্মৰ পৰা নানা নাম, ৰূপ, ভিন্ন ভিন্ন বোধ হৈছে, সেই কাৰণত নিৰা-