পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাৰনিত্যক্ৰিয়া


 আস্তিক বুদ্ধিযুক্ত অনেকে মুখে বোলে যে, এক পূৰ্ণ সৰ্ব্ব-শক্তিমান চেতন ব্যতীত দ্বিতীয় কোনো আকাশত নাই আৰু হবৰ সম্ভাবনাও নাই। নিৰাকাৰ সাকাৰ মঙ্গলময় একে বিৰাট পুৰুষ চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ, চৰাচৰে সৈতে অনাদি কালৰপৰা স্বতঃ প্ৰকাশ হৈ বিৰাজমান আছে আৰু সদায় থাকিব।অথচ এই মঙ্গলকাৰী বিৰাট পুৰুষ চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ জ্যোতিঃ-স্বৰূপক লোকে জড় বুলি ভাবে। বিচাৰ নকৰি আপাতদৃষ্টিত অথবা পৰৰ কথা শুনি কোনো বিষয় ধাৰণা কৰা উচিত নহয়।

 সকলোৰে বুদ্ধি আছে বিচাৰ কৰি সত্য নিৰ্ণয় কৰি ধাৰণা কৰা উচিত, নতুবা তোমাৰ কাণ কাউৰীয়ে নিলে এই কথা পৰৰ মুখে শুনি, কাণত হাত নিদি, কাউৰীৰ পিছে পিছে লৰা বুদ্ধিমান জীবৰ কাৰ্য্য নহয়। চৈতন্যময় মঙ্গলকাৰী জগতৰ মাতা-পিতা চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ বিৰাট পুৰুষক তুমি জড় বোলা বা বোধ কৰা। বিচাৰ কৰি দেখা তুমি নিজে জড় নে চেতন?যদি বোলা তুমি জড়, তেনে জড়ৰ কোনো বোধাবোধ নাই আৰু বিচাৰ কৰিবৰ ক্ষমতাও নাই। তুমি নিদ্ৰাবস্থাত জড়ৰূপে থাকা,কিন্তু তোমাৰ বোধাবোধ আৰু বিচাৰ কৰিবৰ ক্ষমতা আছে,তেনে তুমি কি প্ৰকাৰে জড় হবা? যদি বোলা তুমি চেতন,তেনে জগতত এক অখণ্ডকাৰ চেতনৰ বাহিৰে দ্বিতীয় চেতন কোনো নাই। যদি বোলা তুমি নিৰাকাৰ “চৈতন্য, তেনে নিৰাকাৰ ব্ৰহ্মত জ্ঞান, অজ্ঞান, বিজ্ঞান, বা জাগৰিত, স্বপ্ন, সুষুপ্তি এই তিনি অৱস্থা নাই। যদি বোলা জাগৰিত অবস্থাত “তুমি” নিৰাকাৰ তেনে তুমি জাগৰিত অৱস্থাত নিৰাকাৰ বৰ্ত্তমান আছা, পাছে স্বপ্নাবস্থাতো কি তুমি নিৰাকাৰ? আৰু সুষুপ্তি (টোপনি) অৱস্থাতে