পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
সৃষ্টি প্রকৰণ


ৰূপ কৰি লব পাৰে। সেই দৰ ফেন, বুদ বুদৰূপী ঋষি, মুনি অবতাৰসকলক উপাসনা কৰিলে কোনো ফল নাই আৰু প্ৰয়োজনো নাই। ডাঙৰ ফেন, বুদ বুদ, ঢৌক অবতাৰ বুলি জানিবা। মজ- লীয়াক ঋষি মুনি, আৰু সৰুবিলাকক তোমালোক সকলো পৰুৱা পিপৰা পৰ্য্য়ন্তক জানিবা যেতিয়া তেওঁলোক জগতত স্থূল শৰীৰ ধাৰণ কৰি বৰ্ত্তমান থাকে, তেতিয়া তেওঁলোকৰপৰা প্ৰীতি আৰু ভক্তি কৰি সৎ উপদেশ গ্ৰহণ কৰিব লাগে। যেতিয়া তেওঁবিলাক ফেন, বুদ বুদৰ নিচিনা সমুদ্ৰৰূপী পৰমাত্মাত লয় পায়গৈ, আৰু পৃথক অস্তিত্ব নাথাকে, তেতিয়া তেওঁবিলাকৰ পৃথক উপাসনা ভক্তি কৰিবৰ অবশ্যক নাই। কেবল সমুদ্ৰৰূপী নিবাকাৰ সাকাৰ অখণ্ডাকাৰ পূৰ্ণপৰব্ৰহ্ম, জ্যোতিঃস্বৰূপ বিৰাট পৰমাত্মাৰ উপাসনা কৰিবা। কাৰণ তেওঁহে একমাত্ৰ জ্ঞান আৰু মুক্তি দিব পাৰে। স্ত্ৰী পুৰুষ সকলোৰে এই বিষয় বুজা কৰ্ত্তব্য।

——

 

জড় আৰু চেতন

 হে মনুস্যসকল। নিজৰ মান অপমান, জয় পৰাজয় সামা- জিক স্বাৰ্থ এৰি, গম্ভীৰ আৰু শান্ত হৈ সাৰভাব গ্ৰহণ কৰিবা। যাতে তোমালোকৰ নিজৰ মঙ্গলকাৰী ইষ্ট দেবতাক চিনি তেওঁত নিষ্ঠা ৰাখি সকলোৱে পৰমানন্দে আনন্দৰূপ থাকিব পাৰা।