পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সৃষ্টি সঁচা বা মিছা


 বিচাৰ কৰি বুজা উচিত এই চৰাচৰ জগত সত্যৰপৰা হৈছে নে মিছাৰপৰা হৈছে? যদি জগত চৰাচৰ মিছাৰপৰা হৈছে তেন্তে তুমি আৰু তোমাৰ বোধ আৰু বিশ্বাস সকলো মিছা। যদি নিজেই মিছা, ঈশ্বৰ সত্য আছে বুলি যে তুমি বিশ্বাস কৰিছা, তেওঁ কেনেকৈ সঁচা হব? কাৰ জগৎময় মিছা সৃষ্ট বস্তু। তুমি আৰু তোমাৰ বিশ্বাস আৰু যাক বিশ্বাস কৰিছা সকলো মিছা হব, কেতিয়াও সঁচা হব নোৱাৰে। যদি তুমি সত্য চৈতন্যৰপৰা হৈছা তেন্তে তুমি আৰু তোমাৰ বিশ্বাস সঁচা আৰু যাক বিশ্বাস কৰিছা তেওঁ সঁচা। কাৰণ সঁচাৰপৰা সঁচাৰ উপলব্ধি হয়, মিছাৰপৰা কেতিয়াও সঁচাৰ উপলব্ধি হব নোৱাৰে। যেনে কাৰণ স্বৰূপ সঁচা মাতা-পিতাৰপৰা পুত্ৰ কন্যা হয়, আৰু পুত্ৰ-কন্যা সঁচা স্বৰূপেই বিদ্যমান থাকে আৰু পুত্ৰ-কন্যাই নিজক সঁচা বোধ কৰি সঁচা স্বৰূপ মাতা-পিতাক সঁচা বুলি বিশ্বাস কৰে যে আমি সঁচাৰপৰা হৈ সঁচাস্বৰূপেই বিদ্যমান আছো। যদি কাৰণ স্বৰূপ মাতা-পিতাও মিছা হয় তেনে পুত্ৰ-কন্যা ও মিছা। পুত্ৰ-কন্যা মিছা হলে মাতা পিতাও মিছা। সেইদৰে কাৰণ স্বৰূপ পূৰ্ণপৰব্ৰহ্ম যদি সত্য হয় আৰু তেওঁৰে পৰা যদি জগত চৰাচৰ হৈছে তেনে তুমি সঁচাৰপৰা হৈছা আৰু সঁচা স্বৰূপেই আছা, আৰু বি বিশ্বাস কৰিছা যে সত্যস্বৰূপ ঈশ্বৰ আছে এই কথাও সঁচা। ব্ৰহ্ম একমাত্ৰ সঁচা। সত্য একৰ বাহিৰে দুই হব নোৱাৰে আৰু সঁচা কেতিয়াও মিছা নহয়। সঁচা সঁচাই থাকে কেবল পৰমাত্মাৰ ইচ্ছাত ৰূপান্তৰ হয় মাত্ৰ। নিৰাকাৰৰ পৰা সাকাৰ আৰু সাকাৰৰ পৰা নিৰাকাৰ হয়। অৰ্থাৎ কাৰণৰ পৰা সূক্ষ্ম আৰু সূক্ষ্মৰপৰা স্থূল হয়, আৰু স্থূলৰপৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা কাৰণ নিৰাকাৰ ৰূপে স্থিতি হয়। যথা সুষুপ্তি (টোপনি)