পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সাৰনিত্যক্ৰিয়া


তাক নাজানি, আৰু বিচাৰ নকৰি, জ্যোতিঃস্বৰূপ জগত মাতা- পিতাৰ পৰা বিমুখ হোৱাত মনুস্যসকলৰ নানা দুৰ্দ্দশা হৈছে। যথাৰ্থ মঙ্গলকাৰী ইষ্ট দেবতা যি ভিতৰে বাহিৰে অখণ্ডকাৰে পৰিপূৰ্ণৰূপে অনাদি কালৰপৰা বিৰাজমান আছে, তেওঁক এৰি কল্পিত বেলেগ বেলেগ দেব-দেবীৰ উপাসনা কৰি ভ্ৰমত পৰিছে।

————


সৃষ্টি সঁচা বা মিছা

 সকলোৱে কয় যে আমাৰ ইষ্টদেৱ পৰমেশ্বৰ পূৰ্ণ আৰু সৰ্ব্ব শক্তিমান। কিন্তু যিসকলৰ স্বৰূপ-বোধ নাই, সিবিলাকে নিৰাকাৰ ব্ৰহ্মক বেলেগ আৰু সাকাৰ ব্ৰহ্মক বেলেগ বোধ কৰে। নিৰাকাৰ ব্ৰহ্ম সাকাৰ ব্ৰহ্ম চৰাচৰে সৈতে পূৰ্ণ আৰু সৰ্ব্বশক্তিমান আৰু সাকাৰ ব্ৰহ্ম নিৰাকাৰ ব্ৰহ্মে সৈতে পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ৰূপে অখণ্ডা- কাৰে সৰ্ব্বকালে বৰ্ত্তমান আছে ইয়াক সিবিলাকে নাজানে। নিৰা- কাৰ ব্ৰহ্ম সাকাৰ ব্ৰহ্মক এৰি কেতিয়াও পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হব নোৱাৰে, আৰু সাকাৰ ব্ৰহ্মও নিৰাকাৰ ব্ৰহ্মক এৰি কেতি য়াও পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হব নোৱাৰে। ' নিৰাকাৰ একদেশী ব্যষ্টি আৰু সাকাৰ একদেশী ব্যষ্টি হৈ পৰে। কোনো পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হব নোৱাৰে। সুতৰাং নিৰাকাৰ উপাসকসকলৰ কিম্বা সাকাৰ উপাসকসকলৰ কাৰো পূৰ্ণ আৰু সৰ্ব্বশক্তিমান ৰূপে পৰমাত্মাৰ উপাসনা কৰা নহয়।