ব্ৰহ্মতত্ত্ব নিৰূপণ
পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নিৰাকাৰ, সাকাৰ, কাৰণ, সূক্ষ্ম, স্থূল, চৰাচৰ নাম ৰূপে সৈতে সৰ্ব্বশক্তিমান পূৰ্ণৰূপে বিদ্যমান আছে। নিৰাকাৰ ব্ৰহ্ম মন বাণীৰ অতীত আৰু ইন্দ্ৰিয়ৰ অগোচৰ। প্ৰথমাবস্থাত জ্ঞান নোহোৱা পৰ্য্য়ন্ত নিৰাকাৰ আৰু সাকাৰ পৰিপূৰ্ণ- ৰূপে অপণ্ডাকাৰে পৰব্ৰহ্মক ধাৰণ কৰা নাযায়।
বেদ আৰু শ্ৰীমদ্ভাগবত শাস্ত্ৰত উল্লেখ আছে, সূৰ্য্য়নাৰায়ণ বিৰাট ভগবানৰ চক্ষু, জোন মন, জুই মুখ, বতাহ প্ৰাণ, আকাশ মস্তক, জল নাড়ী, আৰু পৃথিবী চৰণ। বিৰাট ভগবানৰ এই সাত অঙ্গ- প্ৰত্যঙ্গক কোনো শাস্ত্ৰত সাত ধাতু, কোনো শাস্ত্ৰত সাত দ্ৰব্য বা সাত বস্তু বোলে। ইয়াকে দেবতা দেবীও বোলে। কিন্তু যাক সাত ধাতু বোলে তাকে সাত দ্ৰব্য বা সাত বস্তু বোলে আৰু তাকে সাত ঋষি আৰু দেবী মাতা, আৰু ব্যাকৰণত সাত বিভক্তি বোলে। এই সাতকে অহঙ্কাৰে সৈতে অষ্ট প্ৰকৃতি বা অষ্ট শিব মূৰ্ত্তি বোলে। আৰু তেওঁকে গ্ৰহও বোলে, যথা, “গ্ৰহৰূপী জনাৰ্দ্দন”। ব্ৰহ্ম গায়ত্ৰীত সপ্ত ব্যাহৃতি বোলে। যথা “ওঁ ভূঃ, ওঁ ভূবঃ, ওঁ স্বঃ, ওঁ মহঃ, ওঁ জনঃ, ওঁ তপঃ, ওঁ সত্যম” অৰ্থাৎ পৃথিবী, পানী, জুই, বতাহ, আকাশ, জোন, আৰু বেলি ( সূৰ্য্যনাৰায়ণ)। এই এক “ওঁ” বিৰাট ভগবানৰ নানা শাস্ত্ৰত নানা নাম দি, দেব দেবী কল্পনা আৰু ব্যাখ্যা কৰে, কিন্তু বিৰাট ভগবান নিৰাকাৰ সাকাৰ চৰাচৰে সৈতে পৰিপূৰ্ণৰূপে অখণ্ডাকাৰে বিদ্যমান আছে।
বাহিৰে তেওঁৰ অঙ্গ-প্ৰত্যঙ্গ বেলেগ বেলেগ সাত ভাগে দেখা গৈছে আৰু বোধ হৈছে, কিন্তু তেওঁ সাত ভাগে বিভক্ত নহয়। ভিতৰে