আধ্যাত্মিক জগততো এই প্ৰকাৰ শাস্ত্ৰৰ নানা শব্দাৰ্থ এৰি
সাৰভাব পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰুক ধাৰণ কৰিলে তোমালোকৰ
সকলো পিয়াহ নিবাৰণ হব অৰ্থাৎ ভ্ৰম দূৰ হৈ মনত শান্তি পাবা।
মানুহ মাত্ৰৰে বিচাৰ কৰি ঈশ্বৰৰ আজ্ঞা আৰু নিয়ম অনুসৰি কাৰ্য্য় কৰিলে ঈশ্বৰৰ আজ্ঞা পালন কৰা হয় আৰু সহজে ঐহিক আৰু পাৰমাৰ্থিক উভয় কাৰ্য্য় সিদ্ধি হয়, আৰু মনত কোনো ভ্ৰান্তি বা অজ্ঞানতা নাথাকে, সদায় জ্ঞানস্বৰূপ আনন্দৰূপে থাকিব পাৰে। যি ধাতুৰ সংযোগ কৰিলে ব্যবহাৰ কাৰ্য্য, সিদ্ধি হয়, সেই ধাতুৰ সঙ্গ কৰি ব্যবহাৰ কাৰ্য্য সমাধা কৰিবা। যি ধাতুৰ সঙ্গ কৰিলে পাৰমাৰ্থিক বিষয় অৰ্থাৎ জ্ঞান আৰু মুক্তি হয়, সেই ধাতু সঙ্গ কৰি পাৰমাৰ্থিক কাৰ্য্য সমাধা কৰিব।
যেনে পিয়াহ লাগিলে পানী খাব লগা হয়, ভোক লাগিলে অন্ন আহাৰ কৰিব লগা হয় আৰু এন্ধাৰ হলে জুইৰে পোহৰ কৰিব লগা হয়। ইয়াকে কৰিলে ঈশ্বৰৰ আজ্ঞা আৰু নিয়ম পালন কৰা হয় আৰু সহজে কাৰ্য্য়সিদ্ধি হয়। যদি জুইৰে পোহৰ নকৰি পানীৰে কৰিব খোজা, ঈশ্বৰৰ আজ্ঞা পালন কৰা নহব, আৰু জোনাকো নহব। সেইদৰে জ্ঞান আৰু মুক্তিৰ আবশ্যক হলে পূৰ্ণপৰ- ব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান তেজোময় বিৰাট সূৰ্য্যনাৰায়ণক ধাৰণ কৰিবা, আৰু যেতিয়া ব্যবহাৰ কাৰ্য্য় কৰিবলগা হয় তেতিয়া স্থল পদাৰ্থ সঙ্গ কৰি ব্যবহাৰ কাৰ্য্য কৰিবা। এইৰূপে বিবেচনা কৰি কাৰ্য্য় কৰিলে ঈশ্বৰৰ আজ্ঞা আৰু ধৰ্ম্ম পালন কৰা হয় আৰু সহজে কাৰ্য্য নিষ্পন্ন হয়।