সাৰ বস্তুক খোৱা হলে সহজে মোৰ পিয়াহ গুচি শান্তি পালো
হেতেন। সেই দৰে পাৰমাৰ্থিক আৰু ব্যবহাৰিক যি কোনো
বিষয়ৰ শব্দাৰ্থ এৰি কেবল ভাবাৰ্থ গ্ৰহণ কৰিবা। অজ্ঞানীৰ
দৰে নানাৰূপ নাম আৰু শব্দাৰ্থ ধৰি ভ্ৰমত নপৰিবা। পূৰ্ণপৰব্ৰহ্ম
জ্যোতিঃস্বৰূপ গুৰু ভগবানৰ কল্পিত নানা নামৰূপ উপাধিৰ শব্দাৰ্থ
এৰি সাৰ বস্তু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰুক ধাৰণ কৰিবা।
মুৰ্খৰ দৰে তেওঁক এৰি বৃথা নানা নাম, উপাধি আৰু শব্দাৰ্থ ধৰি
মনত অশান্তি পাই সত্য ধৰ্ম্মত বিমুখ নহবা।
এই দৃষ্টান্তৰপৰা সাৰ ভাব গ্ৰহণ কৰিবা। মোৰ পিয়াহ লগাত এজন লোকক সুধিলো, পানী ক’ত খাই পিয়াহ গুচাও? তেওঁ কলে এই বাটে এক ক্ৰোশ পোনাইগৈ তিনটা বাট পাবা, তাৰ বাওঁ ফালৰ দুটা এৰি সোঁও ফালৰ বাটেদি অলপ দূৰ গ’লেই আঠোটা বাট দেখি পাবা, তাৰে সোঁও ফালৰ সাতোটা এৰি বাওঁ ফালৰ বাটেদি অলপ দূৰ গলেই এটা পুখুৰী দেখি পাবা, তাত পানী ভৰি আছে কিন্তু পুনিৰে ঢকা, পানী দেখা নাপায়। পুখুৰীত পকা ঘাট আছে, কিন্তু বৰ পিছল, পুনি আঁতৰাই সেই পানী খালে তোমাৰ পিয়াহ গুচিব। মই এই কথা শুনি দিনে ৰাতিয়ে তাকে আওৰাব ধৰিলো, কিন্তু পিয়াহ নুগুচিল। এই দৰে আওৰাই আৰু নানা শব্দাৰ্থ এৰি, সেই মানুহৰ কথা অনুসৰি পুখুৰীতগৈ, ভাবাৰ্থ গ্ৰহণ অৰ্থাৎ পানী খোৱা হলে সহজে মোৰ পিয়াহ গুচিলহেতেন। এই স্থলত পুখুৰী শব্দে আকাশ, পানী শব্দে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান আৰু পুনি শব্দে অজ্ঞানতা বুজিবা। পিয়াহ অৰ্থাৎ বিবেক। পকা ঘাট অৰ্থে জ্ঞান। পিছল অৰ্থাৎ অসৎ বস্তুত সদায় আসক্তি।