পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধাৰণ উপদেশ

 সৰ্ব্বদা সত্য, শুদ্ধ, চেতন পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিতা অতি নিষ্ঠা ৰাখিবা। বিচাৰ কৰি ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য গম্ভীৰ আৰু শান্তৰূপে সমাধা কৰিবা। যাতে সকলো বিষয়ে সপৰিবাবে পৰমানন্দে আনন্দৰূপ হৈ থাকিব পাৰা তাকে কৰিবা। অলপতে তুষ্ট আৰু পৰৰ উপকাৰত ৰত থাকিবা। যাতে জগতৰ মঙ্গল হব তাকে কৰা উচিত, জগতৰ মঙ্গল হলে নিজৰ মঙ্গল, নিজৰ মঙ্গল হলে সমস্ত জগত মঙ্গলময় হয়। কাৰণ সমস্ত জগত আপোনাৰ আত্মা আৰু পৰমাত্মাৰ স্বৰূপ। ব্যবহাৰিক আৰু পাৰমাৰ্থিক দুয়ো কাৰ্য্য চোকা ভাবে কৰা উচিত। ইয়াৰ কোনো কামত এলাহ কৰিব নালাগে। যি কামত এলাহ কৰা হয় সেই কাম কেতিয়াও উত্তমৰূপে সিদ্ধি নহয়।

 সকলো মানুহে আপোন অপোন সন্তানসকলক সত্য কথা কবলৈ আৰু সত্যত প্ৰগাঢ় নিষ্ঠা ৰাখিবলৈ, আৰু কাৰো নিন্দাবাদ নকৰি সকলোৰে প্ৰিয়বাদী হবৰ নিমিত্তে শিক্ষা দিয়া উচিত। কেতিয়াও কাকো সৎ পথৰপৰা বিমুখ নকৰি সদায় সকলোকে সৎপথ দেখুৱাই দিবা। যেনে কোনো পথাৰত ধান ৰুলে ধান সামৰিবলৈ পায়, আৰু সেই পথাৰত কাঁইট ৰুলে কাঁইট সামৰিবলৈ পায়, সেইদৰে এই জগতত কোনেও কাৰো ইষ্ট বা অনিষ্ট কৰিলে সেইৰূপ ফল পোৱা হয়।

 বিচাৰ কৰি চাবা ‘মই" কোন, মোৰ স্বৰূপ কি? আৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান গুৰুৰ স্বৰূপ কি? মই কোন স্বৰূপে তেওঁৰ কোন স্বৰূপৰ ধ্যান ধাৰণ বা উপাসনা কৰি