এটি নাথাকিলে কোনোটি নাথাকে। এটি থাকিলে তিনিয়োটি থাকিব। যেনে, জ্ঞান নাথাকিলে টোপনিৰ অৱস্থাত ভক্তি আৰু কৰ্ম্ম দুয়ো নাথাকে, জাগৰিত অৱস্থাত তিনিয়োটি থাকে।
যাৰ জ্ঞান আছে তাৰ ভক্তি আৰু কৰ্ম্ম দুয়ো আছে। যাৰ ভক্তি আছে তাৰ জ্ঞান আৰু কৰ্ম্ম দুয়ো আছে। জ্ঞান আৰু ভক্তি নহলে যি শৰীৰ আৰু মনৰ পৰিশ্ৰম সি কৰ্ম্মই নহয়।
মানুহ মাত্ৰই মিছা স্বাৰ্থ আৰু আড়ম্বৰ এৰি এইদৰে সাৰ ভাব গ্ৰহণ কৰি আৰু জগতৰ হিত সাধনত ৰত হৈ পৰমানন্দে আনন্দৰূপে অৱস্থিতি কৰা।
⸻
ভেষ্কীত বিশ্বাস
যিসকল অজ্ঞানী লোক আপোন ইষ্ট দেৱ পৰমাত্মাৰ পৰা বিমুখ,তেওঁলোকে সাধুসকলৰ পৰা ভোজ বিদ্যা আৰু ভেল্কী দেখিবৰ ইচ্ছা কৰে আৰু তাকে দেখি তেওঁক ভক্তি কিম্বা ঈশ্বৰক বিশ্বাস আৰু ভক্তি শ্ৰদ্ধা কৰিব খোজে। তেনে বিশ্বাসক ধিক্, আৰু যি বিশ্বাস কৰে তেওঁকো ধিক, আৰু যিসকলে সাধু সাজি মানুহসকলক এইদৰে ভেল্কী দেখাই আপোনাৰ সেৱা কৰাই লয়, আৰু সত্যৰ পৰা আপুনি বিমুখ হৈ আনকো সত্যৰ পৰা বিমুখ কৰে সিহঁতকো ধিক। বিচাৰ কৰি ঈশ্বৰৰ মহিমা দেখা যে জন্ম হোৱাৰ পূৰ্ব্বে তোমাৰ কোনো বোধাবোধ নাছিল যে তুমি স্ত্ৰী নে পুৰুষ আছিলা। আৰু এই দৰৰ সৃষ্টি ৰাজ বাদছাই কেতিয়াও দেখা নাই। কিন্তু