পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৭
পৰমাত্মা জ্যোতিৰূপে বহু বিস্তাৰ


নাৰায়ণৰ জগৎ হিতার্থে যি পৰিমাণে জ্যোতিঃৰূপে প্রকাশ আছে, সেই তেজ কোনেও সহ্য কৰিবৰ সক্ষম নহয়, যদি তেওঁ আৰু অধিক জ্যোতিঃৰূপে প্রকাশ হয়, তেনেহলে সকলো জগৎ ধ্বংস হব ।
  জ্ঞানী মানুহৰ এনে ভবা উচিত নহয় যে পানী সকলো ঠাইতে পৰিপূৰ্ণৰূপে বিস্তৃত আছে, মই পিয়াহ গুচাবৰ নিমিত্তে কিয় এক গিলাছ পানী খাম। কিম্বা অগ্নি পূৰ্ণৰূপে অসীম আছে, মই যৎকিঞ্চিৎ জুইৰে জোনাক কৰি কিয় ঘৰৰ এন্ধাৰ গুচাই মােৰ মান নষ্ট কৰিম । যদি এনে ভাবি অলপ জুইৰে জোনাক নকৰা কিম্বা এক গিলাছ পানীৰে পিয়াহ নিবাৰণ নকৰা তেনে নিজৰ মুৰ্খতা হেতু কষ্ট ভােগ কৰিব লাগিব। সেইদৰে অগ্নিৰূপী বিৰাট চন্দ্রমা সূৰ্য্যনাৰায়ণ একে জ্যোতিঃস্বৰূপ পৰমাত্মা অনন্ত ব্রহ্মাণ্ডত জ্যোতিঃৰূপে বিৰাজ হৈ আছে, জ্ঞানী লােকৰ এনে ভবা উচিত নহয় যে মোৰ যৎকিঞ্চিৎ অজ্ঞানতা সেই চন্দ্রমা সূৰ্য্যনাৰায়ণ জ্যোতিঃ- স্বৰূপৰ দ্বাৰাই নুগুচাও, মােৰ মান যাব, মই সমস্ত ব্ৰহ্মাণ্ডৰ পূৰ্ণ অসীম অখণ্ডকাৰ ঈশ্বৰক বলেৰে ধৰি আনি হৃদয়ত ৰাখি অজ্ঞা- নতা গুচাম। বিচাৰ কৰি চোৱা উচিত যে যৎকিঞ্চিৎ জুইৰে সমস্ত ব্রহ্মাণ্ড, স্ত্রী, পুৰুষ, জ্ঞানী, অজ্ঞানী, ৰজা, বাদছা সকলোৰে স্থল শৰীৰ ভষ্ম হয়, আৰু এই জ্যোতিঃস্বৰূপ পরমাত্মাৰ অলপ জ্ঞান জ্যোতিৰ প্রকাশেৰে সমস্ত ব্রহ্মাণ্ড স্ত্রী পুৰুষৰ অজ্ঞানতা লয় কৰা তেওঁৰ পক্ষে একোৱেই নহয় ।
  হে মানুহসকল, তােমালােকে কিয় বৃথা অহঙ্কাৰৰ বশ হৈ জগ: তৰ অমঙ্গল আৰু নিজৰ শাস্তি পথৰ কঁাইট হৈছা ? এতিয়াৰ পৰা সকলো মান-অপমান, জয়-পৰাজয়, সামাজিক স্বার্থ আৰু অহঙ্কাৰ এৰি বিৰাট পূর্ণপৰব্ৰহ্ম চন্দ্রমা সূৰ্যনাৰায়ণ জ্যোতিঃস্বৰূপ মঙ্গলময়ৰ