কৰ্মকাণ্ড দুই প্ৰকাৰ বৰ্ণিত আছে এক প্ৰকাৰ যিসকলে
গৃহস্থ ধৰ্ম্মত থাকিও সত্য বস্তু জানিবৰ ইচ্ছা কৰে অথচ ঈশ্বৰৰ
আজ্ঞানুসাৰে গৃহস্থ ধৰ্ম্মৰ সকলো প্ৰকাৰ শ্ৰেষ্ঠ কৰ্ম আৰু যজ্ঞাহুতি
কৰি সকলো কৰ্ম্ম ফলাফল ভগবানৰ নামে অৰ্পণ কৰে। তেওঁলোক
সেই নিষ্কাম কৰ্ম্ম প্ৰভৃতি কৰাৰ নিমিত্তে মন পবিত্ৰ হৈ জ্ঞান
স্বৰূপ পৰমাত্মাত অভেদ হৈ আনন্দৰূপে থাকে, তেওঁলোকৰ পুনৰ্জন্ম
নাই। আন প্ৰকাৰ যিসকলে নানা প্ৰকাৰ কৰ্ম্ম কৰি তাৰ ফল কৈলাস
বৈকুণ্ঠ স্বৰ্গ ইত্যাদি ভোগ কৰিবৰ ইচ্ছা কৰে, তেওঁলোকৰ পুনৰ্জন্ম
ফলাফলৰ সংশয় থাকে। সকলো প্ৰকাৰ কৰ্ম্ম কৰি ভগবানত অৰ্থাৎ
পূৰ্ণপৰব্ৰহ্মত অৰ্পণ কৰিলে তেওঁলোক কৰ্ম্মৰ পৰা বদ্ধ নহয়। মানুহ
মাত্ৰৰে ইয়াকে কৰা উচিত। কিন্তু প্ৰথম অৱস্থাত কোনেও নিষ্কাম
কৰ্ম্ম কৰিব নোৱাৰে, প্ৰথমে সকাম কৰ্ম্ম কৰোতে কৰোতে শেহত
মন পবিত্ৰ হৈ জ্ঞান হলে সহজেই নিষ্কাম কৰ্তব্য কৰ্ম্ম ভাব হয়।
উত্তম কৰ্ম্ম নিষ্কামভাবে কৰক অথবা সকামভাবে কৰক,
দুয়ো উত্তম ফলদায়ক। ইয়াক সকলোৱে কৰা উচিত। যি কৰ্ম্ম
কৰিলে ব্যবহাৰিক আৰু পাৰমাৰ্থিক দুয়ো কৰ্ম্ম উত্তমৰূপে সহজে
নিষ্পন্ন হয় আৰু তাৰ ফল পোৱা যায়, সেই কাম বিচাৰ কৰি
কৰা উচিত, আৰু যি কাম কৰিলে এই দুয়ো কাৰ্য্যৰ কোনো প্ৰকাৰ
ফল নহয় তাক কৰা উচিত নহয়। কেবল অনৰ্থক দিন ৰাতি
সময় নষ্ট আৰু আত্মাক কষ্ট দি কৰ্ম কৰা নিস্ফল, তাৰ কৰ্ম্ম
কৰাই হে সাৰ হয়। যেনে ভোক লাগিলে অন্নাহাৰ কৰিলে সহজে
ভোক গুচে, তাক নকৰি যদি শিল চোবাবৰ চেষ্টা কৰে তাত
ভোক নুগুচে কেবল কষ্ট সাৰ হয়। যদি জুইৰে এন্ধাৰ দূৰ নকৰি
জল আৰু বৰফেৰে এন্ধাৰ গুচাবৰ চেষ্টা কৰে সি কেতিয়াও নহয়,