পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সাৰনিত্যক্রিয়া


বচন তাৰ বিষয়। হাতৰ দেৱতা ইন্দ্ৰ অৰ্থাৎ সূৰ্য্যনাৰায়ণ, তাৰ বিষয় গ্ৰহণ আৰু প্ৰদান। পদৰ দেৱতা বামন্ অৰ্থাৎ বায়ু,গমনাগমন তাৰ বিষয়। উপস্থ অৰ্থাৎ লিঙ্গৰ দেৱতা প্ৰজাপতি ব্ৰহ্ম অৰ্থাৎ তেজঃজ্যোতিঃ, ৰতি যোগ তাৰ বিষয়। গুহৰ দেৱতা যমৰাজ অৰ্থাৎ জঠৰাগ্নি জ্যোতিঃ, পৰিপাক আৰু মল ত্যাগ তাৰ বিষয়। মনৰ দেৱতা জ্যোতিঃস্বৰূপ চন্দ্ৰমা, সংকল্প বিকল্প তাৰ বিষয়। বুদ্ধিৰ দেৱতা ব্ৰহ্মা অৰ্থাৎ সূৰ্য্যনাৰায়ণ, সত্যক নিশ্চয় কৰা তাৰ বিসয়। চিত্তৰ দেৱতা বাসুদেব অৰ্থাৎ বিৰাট বিষ্ণুভগবান, সত্যত নিষ্ঠা তাৰ বিষয়। অহঙ্কাৰৰ দেৱতা ৰুদ্ৰ অৰ্থাৎ সূৰ্য্যনাৰায়ণ, অভিমান অৰ্থাৎ অহং অস্মিৰূপ তাৰ বিষয়।
 ওপৰত লেখা স্থুল আৰু সূক্ষ্ম শৰীৰৰ ইন্দ্ৰিয়াদিৰ অধিষ্ঠাতা দেৱতাসকলৰ বেলেগ বেলেগ যি নাম কল্পিত হৈছে সেইসকল বেলেগ বেলেগ দেব-দেবী নহয়, উক্ত সকলো নাম একে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবান নাৰায়ণৰ বেলেগ বেলেগ অঙ্গ-প্ৰত্যঙ্গৰ বেলেগ বেলেগ শক্তি গুণ ক্ৰিয়াৰ নিমিত্তে বেলেগ বেলেগ নাম কল্পিত।

 এই স্থুল দেহ অন্নময় কোষ; কোষ অৰ্থে আধাৰ খাপ যথা অসি কোষ, তলবাৰৰ খাপ। আৰু “তুমি” যাক বোলো সেই জ্যোতিঃ। সেই জ্যোতিঃ তলৱাৰ স্বৰূপ, আৰু এই স্থুলদেহত সেই “তুমি” জ্যোতিঃ এতিয়া আবৰিত হৈ আছা, সি সেই জ্যোতিৰ কোষ বা আধাৰ বা খাপ। অৰ্থাৎ তলবাৰ যিদৰে কোষ বা পাপত ৰখা হয় সেইদৰে যি পদাৰ্থক “তুমি” বোলা তেওঁক এই স্থুল শৰীৰ ৰূপ কোষ বা খাপত ৰখা হৈছে।