পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
সাৰথি

নিন্দাৰ কথা, ধুঁৱাখুলীয়া হোৱাও তেনে নিন্দাৰ কথা। কৃপণেও ধনৰ উচিত ব্যৱহাৰ নাজানে, ধুঁৱাখুলীয়াইও ধনৰ উচিত ব্যৱহাৰ নাজানে। এজন কেৱল সঞ্চয় কৰাত উত্ৰাৱল, এজন ক্ষয়ঙ্কাৰ কৰাত উত্ৰাৱল। খৰচীৰ পক্ষে ধন এটা অসহনীয় বোজা এটা বিষম আহুকাল, তাক খৰচ কৰি অন্ত নকৰে মানে তাৰ মনত সন্তোষ নাই। খৰচৰ কোনো সকাম নাথাকিলেও সি এটা সকাম গঢ়ি লয়। এনে বিধৰ মানুহ এদিন ধনী আৰু এদিন দৰিদ্ৰ হয়, এদিন নানা ভোগ উপভোগ কৰে, এদিন লোণে ভাতে পেট ভৰায়, এদিন লোকক বৰ ভোজ দিয়ে, এদিন লোকৰ দুৱাৰত নিজে আঁচল পাতে। খৰচী মানুহে ধন গোট কৰি কোনো ডাঙৰ কাম দূৰৈৰ কথা নিজে বিপদত তৰিবলৈ তাৰ সমৰ্থ নাইকীয়া হয়। খৰচী মানুহে তাৰ অভাৱৰ উমান নাপায়, সেই দেখি সি সকামত কৈ সৰহ বস্তু আসাদন কৰে, অৰ্থাত এসেৰৰ সকামত দহ সেৰ কিনি একড়াৰ ঠাইত এপোন খৰচ কৰে। ইহঁতে ভৱিষ্যৎ নাভাবে, এশ বাৰ ধনৰ নাটনিত পৰি কক্‌বকাই ফুৰিলেও শিকনি নলয়। ইহঁত আমঠ, ইহঁতৰ স্বভাৱ শুধৰণিৰ বাজ।

 কৃপণালিৰ কাৰণ যেনে ঠাৱৰকৈ ক’ব নোৱাৰি, ধুঁৱাখুলীয়ালিৰো কাৰণ তেনে ঠাৱৰকৈ ক’ব নোৱাৰি। ভালকৈ গমি চালে ইয়াক দেখা যায় যে কেৱল খিতাপ দেখুৱাবলৈহে মানুহ ধুঁৱাখুলীয়া হয়। কিন্তু জনা বুজা মানুহে ধুঁৱাখুলীয়ালিক খিতাপ বুলি নধৰে কেৱল চহা দুখীয়া তৰপৰ মানুহে তাক খিতাপ কৰা বোলে। অশিক্ষিত দুখীয়া মানুহে ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে, আৰু যি তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিৱেচনা কৰে। চোৰেও চুৰ কৰা ধন খৰচ কৰি সিহঁতৰ চকুত চমক লগাব পাৰে। অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম্ম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে, ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্ব্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি