পৃষ্ঠা:সাৰথি (Sarothi).pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সাৰথি

নোৱাৰে। ঘুৰণীয়া ফুটাত শিৰ পতা ঠিলা কেতিয়াও খাপ খাই নবহে।

 কাম বাছি লওঁতে আৰু এটা কথালৈ মন কৰা উচিত। কৰ্ম্মীৰ পক্ষে যশস্যা এটা প্ৰৱল উদ্‌গতি। যি কামত মানুহে যশস্যা পায় সেই কামটো কৰিবলৈ তাৰ ধাউতি বাঢ়ে। যশস্যাই মানুহৰ এগুণ উৎসাহ চাৰিগুণ কৰে। কিন্তু সকলো কামৰ যশস্যা সকলোৱে ভাল নাপায়, কোনোৱে বেজালিৰ যশস্যা ভাল নেপায়, কোনোৱে বাঢ়ৈয়ালিৰ যশস্যা ভাল নাপায়, কোনোৱে খনিকৰালিৰ যশস্যা ভাল নাপায। পাচে যদি বেজালিৰ যশস্যা ভাল নোপোৱা মানুহ জনে বেজালি বৃত্তি গ্ৰহণ কৰে, তেন্তে সেই কামত তাৰ ধাউতি হ'ব নোৱাৰে, আৰু ধাউতি নহ'লে কাম ভাল নহয়। এতেকে যি যি কামৰ যশস্যা ভাল পায় সি সেই কামটোহে বৃত্তি কৰি লোৱা উচিত।

 সংসাৰত মানুহ বোলাবলৈ আৰু সুখে সকলমে দিন নিয়াবলৈ মানুহক ধন লাগে। বিনা ধনে সম্পদ লাভ কৰিব নোৱাৰি। যি ধনৰ দুখীয়া সি মান মৰ্য্যাদা সকলোৰে দুখীয়া। সি সংসাৰত ডাঙ্গৰ কাম কৰি নাম জলাওক চাৰি নিজেই অশেষ কষ্টেৰে জীৱন কটায়। সেই দেখি বৃত্তি বাছি লওঁতে ধন হোৱা বৃত্তি লোৱা উচিত। ধন উপাৰ্জ্জন নিজে এটা শিক্ষাৰ বিষয় নহয়, ই বিদ্যা আৰু বৃত্তিৰ লগৰীয়া বস্তু। বিদ্যাৱন্ত মানুহে বুদ্ধিৰে বৃত্তি চলালে ধন হয়।

 বেপাৰ, কৃষি আৰু ৰাজঘৰীয়া বিষয়, এই তিনি শ্ৰেণীৰ ভিতৰত বৃত্তি বিলাক ধন হোৱা আৰু অৰ্থকৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সজ আৰু কিছুমান অসজ আছে। অসজ বিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। অসজ বৃত্তিয়ে মানুহক অসজ কামলৈ নিয়ে। অসজ কাম কৰি অব্বুৰ্দ অৰ্থ ঘটিলেও সুখ্যাতি বা পুৰুষালি নাই, আৰু মনতো নিভাঁজ সন্তোষ নোপজে। আওবটীয়া ধনতকৈ দৰিদ্ৰতাও ভাল। কোনবোৰ সজ বৃত্তি আৰু কোনবোৰ অসজ বিত্তি তাৰ এটা এটাকৈ লেখ দিয়াৰ সকাম নাই। সজ আৰু অসজ বৃত্তি চিনিবলৈ টান নহয়। যি বৃত্তি চলাওঁতে নীচ বা নিন্দনীয় কাম কৰিব লাগে সেই বৃত্তি অসজ, আৰু যি বৃত্তিত তেনেকুৱা কাম কৰিব নালাগে সেই বৃত্তি সজ। ফটিকাৰ বেপাৰ এটা অসজ বৃত্তি। ফটিকা ব্যৱহাৰ কৰি মানুহ বলিয়া হয়, আৰু অকাম কৰে। এতেকে মানুহক তেনে ফটিকাৰ