পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
স্বৰ্গদেৱ গদাধৰ সিংহ।

কৰিলে। কিন্তু গদাপাণিৰ মনত সিমান শান্তি নাছিল। সেই সময়ত ৰজাৰ ৰাজধানীত কেইবাটিও গা-নোম শিয়ৰিউঠা ঘটনা ঘটিছিল। ১৫৯২ শঁকৰ পৰা ১৬০১ শঁকলৈকে আহোম-ৰাজপাটত ছজনা কোঁৱৰ উঠে; কিন্তু মন্ত্ৰীসকলে মন্ত্ৰণা-চক্ৰত পেলাই তাৰ চাৰিজনা ৰজাক অকালতে বধ কৰে। এজনে মন্ত্ৰীসকলৰ হাতত প্ৰাণ সঁপিব লাগিব বুলি মনৰ বেজাৰতে আত্মঘাতী হয়; মাথোন এজনৰহে স্বাভাৱিকৰূপে মৰণ হয়। ৰাজধানীৰ এনে হুলস্থূলৰ কথা গদাপাণিয়ে সৰুৰেপৰা বৰ ভালকৈ জানিছিল। ৰজা নিস্তেজ হোৱা আৰু বিষয়াবিলাকৰ অৰিয়া-অৰি আৰু স্বাৰ্থপৰতা দেখি তেওঁৰ মনত সদায় অশান্তি। নিজে ৰাজ্যৰ গুৰি ধৰি টান-মুখেৰে আক্ৰোহী বিষয়াসকলক দমাই ৰাজ্যত কেনেকৈ সুশাসন থাপিব পাৰিব, এই একেটি ভাব তেওঁৰ মনত প্ৰায়েই খেলাইছিল। ল’ৰাৰজাই চৰিয়া, ৰিপুৱা, গুপ্তচৰ আদি পঠিয়াই যেতিয়া ৰাজপাটলৈ যোগ্য কোঁৱৰসকলক অঙ্গক্ষত কৰাই অযোগ্য কৰিছিল, সেই সময়ত গদাপাণিৰ মনত আশঙ্কা, কি জানিবা ল’ৰাৰজাৰ নিষ্ঠুৰ চৰিয়াবিলাকৰ হাতত তেওঁৰো অঙ্গক্ষত হয়! সেইবাবে তেওঁ বৰ সাৱধানে ফুৰিব-চাকিবলৈ ধৰিলে। আৰু ৰজাৰ এটি দুটি গুপ্তচৰে তেওঁৰ কাষকে চাপিব। নোৱাৰিলে। তেতিয়া ল’ৰা-ৰজা অধিকতৰ সংশয়ী হল; যেহেতু তুংখুঙ্গীয়া ফৈদ ৰজা হ’ব পৰা সকলো ফৈদতকৈ বেচি ক্ষমতাশালী আছিল। লৰা-ৰজাই ভাবিলে, যে গদাকোঁৱৰ জীয়াই থাকে মানে তেওঁৰ ৰাজপাট নিষ্কণ্টক নহয়। সেই দেখি তেওঁ চৰিয়াবিলাকক