পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সাহিত্য


সেই কালৰ মুছলমান আক্ৰমণৰপৰা অসমৰক্ষা কৰিব পাৰে, তাৰ হন্তে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।

 আজিকালিৰ দৰে তেতিয়া শিক্ষাৰ সিমান প্ৰচলন নাছিল। আহোম পণ্ডিতসকলে ঘৰুৱাকৈ দেওধাই, বাইলুং, মহন প্ৰভৃতিৰ ল’ৰাবিলাকক ধৰ্ম্ম আৰু বুৰঞ্জীবিষয়ক শিক্ষা দিছিল; কিন্তু ওখ তৰপৰ বিষয়াৰ সন্তানক, এনে কি কোঁৱৰসকলকো প্ৰায়েই নিশিকোৱাকৈ ৰখা হৈছিল। গদাপাণিয়ে সৰুকালত একো শিক্ষা পোৱা নাছিল; শিক্ষাৰ এনে অভাৱ-হোৱা স্থলতো, যে তেওঁ ভবিষ্যতে এজন দূৰদৰ্শী ৰাজনীতিজ্ঞ পুৰুষ হ’ব পাৰিছিল, ই বাস্তৱতে তেওঁৰ আচৰিত মানিবলগীয়া প্ৰতিভাৰ চিনাকি মাথোন।

 গদাকোঁৱৰে উপযুক্ত বয়সত বৰগোহাঁই পৰিয়ালৰ জয়মতী কুঁৱৰীক বিয়া কৰায়। এই গৰাকী কুঁৱৰীক ৰূপ-গুণ একোতে কোনেও চেৰ পেলাব নোৱাৰিছিল। তেওঁৰ সতীত্ব আৰু পতিপ্ৰাণতা জগতৰ আদৰ্শস্বৰূপ হৈছে। গদাপাণি আৰু জয়মতী দুয়ো একেটি সাঁচতে গঢ়া; কোঁৱৰ যেনে সজ-চৰিত্ৰবান্‌ আৰু নিৰ্ভীক, কুঁৱৰীও সেই দুই বিষয়ত অতুলনীয়া আছিল। এওঁলোকৰ শুভমিলনত লাই আৰু লেচাইৰ জন্ম হয়। লাই কোঁৱৰ পাচত দেউতাক স্বৰ্গী হোৱাত ৰাজপাটত বহে, আৰু লেচাইগোহাঁইদেৱে ৰাজ্যৰ এজন বৰমূৰীয়া বিষয়া হৈ ককায়েকক ৰাজকাৰ্য্যত সহায় কৰে।

 গদাকোঁৱৰে মনৰ জোখাই পত্নী আৰু জয়মতী কুঁৱৰীয়ে মনৰ জোখাই পতি লাভ কৰি ভালেমান বছৰ সুখেৰে যাপন