স্বৰ্গদেৱ গদাধৰ সিংহ।
১৫৭০ শকাব্দৰ বছৰ চেৰেকৰ পূৰ্ব্বে আহোম-ৰাজলক্ষ্মীৰ কপালৰ তিলক মহাৰাজ গদাধৰ সিংহ স্বৰ্গদেৱৰ জন্ম হয়। তেওঁৰ দেউতাক গোবৰকোঁৱৰ বৰ বিজ্ঞ আৰু সাংসাৰিক কাৰ্য্যত সুনিপুণ পুৰুষ আছিল; সেই গতিকে তেওঁৰ সন্তানসকলকো সৰুৰেপৰা নৈতিক বল আৰু বাহুবল দুয়ো পিনে বিচক্ষণ কৰি তুলিব পাৰিছিল। ল’ৰাকালৰেপৰা গদা কোঁৱৰে তেওঁৰ অসাধাৰণ বলবীৰ্য্যৰ চিনাকি দিছিল; তেওঁৰ সাহসিক কাৰ্য্যকলাপ দেখি তুংখুঙ্গৰ প্ৰজাবিলাকে আচৰিত মানিছিল। দহ-বাৰ বছৰ বয়সতে তেওঁ হাতীত উঠি চিকাৰ কৰিব পাৰিছিল, আৰু বাঘমৰা আৰু আন আন বীৰোচিত কাৰ্য্যত তেওঁ যোগ দিছিল। সেই কুমলীয়া বয়সতে তেওঁৰ গাত ভবিষ্যৎ মহত্ত্বৰ লক্ষণ সম্পূৰ্ণৰূপে ফুলি উঠিছিল; সৰুৰেপৰা তেওঁ অত্যাচাৰী মানুহৰ প্ৰতি ঘৃণা আৰু দুখীয়া নিচলা ৰুগীয়া মানুহক পুতৌ কৰিছিল।
কথিত আছে, বোলে সেই সময়ত ৰজাঘৰীয়া ফৈদবোৰৰ মাজত ঘোৰ অৰি-ভাব আছিল; কিন্তু গদাকোঁৱৰে ডেকা কালতে বিশেষ কৌশল আৰু যতনেৰে সেই শত্ৰুতাৰ সামৰণি পেলাই তুংখুঙ্গীয়া ফৈদেৰে সৈতে আন সকলো ফৈদৰ মাজত মিত্ৰতা স্থাপন কৰে; আৰু সকলোৱে পৰস্পৰে মিলেৰে থাকি যাতে