এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সাহিত্য
তেওঁৰ নামে ইয়াৰ নামকৰণ কৰা হৈছে। এই ধূমকেতুটো
পঁয়সত্তৰ বছৰৰ মূৰে মুৰে দেখা দিয়ে। আমি ওপৰত-কোৱা
চনৰ ষোল এপ্ৰিলৰ দিনা ইউৰোপত ইয়াক দেখিছিল; সেই
তাৰিখৰপৰা তিনি দিনলৈ ইয়াৰ যিবোৰ ফটো হৈছিল, তাত
কেৱল এটা ডাঙৰ ডিম্বাকাৰ মূৰহে দেখিছিল; একৈশ এপ্ৰিলৰ
দিনা তাৰপৰা সৰু সৰু নেজ ওলোৱা দেখিবলৈ পায়,
পাচত সেই নেজ ক্ৰমে বাঢ়িবলৈ ধৰে। গোটাই ব'হাগ মাহ
ই শুক্ৰগ্ৰহৰ ওচৰতে ওলাইছিল; তাৰ পাচত ক্ৰমে ই সূৰ্য্য
আৰু পৃথিবীৰ ওচৰ চাপে। জেঠৰ চাৰি তাৰিখে এই হেলিৰ
ধূমকেতুৰ নেজ পাঁচকোটি মাইলৰো বেচি দীঘল হৈছিল;
সেইদিনা ভাৰতবৰ্ষত আৰু পৃথিবীৰ অন্যান্য বহুত ঠাইত
ধুমুহা বতাহ, বৰষুণ, বজ্ৰপাত আদি হৈছিল। আহাৰ মাহত
হেলিৰ ধূমকেতু পশ্চিম আকাশত কৰ্কট আৰু সিংহৰাশিৰ
ওচৰত দেখা গৈছিল, তাৰ পাচত ই সৰু হৈ অদৃশ্য হয়।