পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
সাহিত্য


ছয়সত্তৰ বছৰত সূৰ্য্যক প্ৰদক্ষিণ কৰে। আকৌ এনে ধূমকেতুও আছে, যি সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ দুই তিনি হাজাৰ বছৰতকৈও বেচি সময় লয়।

 আন শ্ৰেণীৰ ধূমকেতু সৌৰজগতৰ প্ৰজা নহয়; ইবিলাক ক’ৰপৰা আহে ক'লৈ যায় এতিয়ালৈ কেৱে ঠিক কৰিব পৰা নাই। এই শ্ৰেণীৰ ধূমকেতুৰ গতিপথেই ক্ষেপণীবৃত্ত।

 সকলোবোৰ ধূমকেতুৰ আকৃতি একে নহয়। কিছুমান ধূমকেতুৰ নেজ পোন আৰু দীঘল, কিছুমান ধূমকেতু কাকত ভাঁজ কৰা বিচনীৰ দৰে খাপ খাপ, কিছুমানৰ নেজ আকৌ বেঁকা আৰু চুটি।

 বেচি ভাগ ধুমকেতুৰ নেজ দুটা জ্যোতিৰ্ম্ময় স্ৰোতৰ দৰে; এই নেজ ধূমকেতুৰ মূৰৰপৰা আৰম্ভ হৈ ক্ৰমে বিভিন্ন হয় আৰু বহুত দূৰলৈ বিস্তৃত হয়। কোনো কোনো সময়ত দুয়োটা