পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
সাহিত্য


পশ্চিমৰপৰা পূবলৈ গতি কৰে। গ্ৰহবোৰৰ কক্ষ বৃত্তাভাস; যিবোৰ ধূমকেতু নিৰূপিত সময়ত দেখা দি থাকে, সেইবোৰৰ গতিপথো বৃত্তাভাস; কিন্তু যিবোৰ ধূমকেতু এবাৰ দেখা দি চিৰকাললৈ বিদায় লয়, সেইবোৰৰ গতিপথ ক্ষেপণীবৃত্ত। যিবোৰ ধূমকেতুৱে সূৰ্য্যক কেন্দ্ৰ কৰি বৃত্তাভাস-পথত পৰিভ্ৰমণ কৰে, সেইবোৰেই নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে আকাশত ওলায়; আৰু যিবোৰ ধূমকেতু ক্ষেপণীবৃত্ত-পথত গতি কৰে, সেইবোৰৰেই প্ৰত্যাবৰ্ত্তন নাই।

 ধূমকেতুৰ দেহ বৰ বিচিত্ৰ। ইয়াৰ মূৰ সাপৰ ফণাৰ দৰে। অলপ বেঁকা। মূৰৰ আগভাগৰ কিছু ঠাই নক্ষত্ৰৰ দৰে উজ্জ্বল, ইয়াক গৰ্ভ বুলিব পাৰি। গৰ্ভক আগুৰি উজ্জ্বল বাষ্পবোৰ বেঁকা ভাবে থাকে। এইটোৱেই ধূমকেতুৰ আচল ভাগ, বাকী অংশক নেজ বোলা যায়।

 ধূমকেতুৰ গৰ্ভৰ ব্যাস পাঁচ শ মাইলৰপৰা পাঁচ হাজাৰ মাইললৈ; ইয়াৰ গৰ্ভক আগুৰিথকা বাষ্পবোৰৰ ব্যাস কুৰি হাজাৰৰপৰা ছয় লাখ মাইল। ধূমকেতুৰ মূৰৰপৰা নেজ ওলায়। এই নেজক বাঢ়নীৰ লগত তুলনা কৰিব পাৰি। ধূমকেতুৰ এই নেজ দেখিয়েই আমাৰ মানুহে তাক নেজাল তৰা বোলে। ইয়াৰ এই নেজ কেতিয়াবা বৰ দীঘল হয়, কেতিয়াবা আকৌ নাইকিয়া হয়। ধূমকেতুৰ আঁকাৰৰ কোনো ঠিক নাই; কেতিয়াবা তাৰ আঁকাৰ ডাঙৰ হয়, উজ্জ্বলতাও বাঢ়ে। কোনো সময়ত আকৌ সি আকাৰত সৰু হৈ নিষ্প্ৰভ