পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধূমকেতু বা নেজাল তৰা।

 মানুহৰ ভিতৰত যি উপদ্ৰৱকাৰী সি ধূমকেতুৰ উপমাস্থল বুলি নিন্দিত হয়। আকাশত ধূমকেতু দেখা দিলেও ৰাষ্ট্ৰবিপ্লৱ, দুৰ্ভিক্ষ আদিৰ আশঙ্কাত মানুহ অস্থিৰ হয়। ইয়াৰ আকৃতি- প্ৰকৃতিয়েই মানুহৰ এনে কুসংস্কাৰৰ মূল যেন লাগে।

 সৌৰজগতৰ সূৰ্য্য আৰু গ্ৰহ-উপগ্ৰহ প্ৰায় সকলোবোৰেই গোলাকাৰ; কেৱল শনিৰ বলয়টো অদ্ভুত ধৰণৰ। ধূমকেতুৰ আকৃতি কিন্তু বিকট আৰু বিশাল; তদুপৰি এই আকৃতিও পৰিবৰ্ত্তনশীল, আৰু ইয়াৰ বেচি ভাগৰ গতিৰো শৃঙ্খলা ধৰিবপৰা নাযায়। ই হঠাৎ এদিন আকাশত দেখা দিয়ে; তাৰ পাচত তাৰ কলেবৰ ক্ৰমে বাঢ়িব ধৰে, আৰু অকস্মাৎ সি এদিন অদৃশ্য হৈ যায়। ইয়াৰ আকৃতি ভয়-লগা, তাক পোনতে দেখিলে চকু থৰ লাগে।

 কোনো একোটা ধূমকেতু আকৌ প্ৰায় এবছৰলৈ আকাশত দেখা দি থাকে। গ্ৰহবিলাকে যিদৰে নিৰ্দ্দিষ্ট দিনৰ ভিতৰত সূৰ্য্যক প্ৰদক্ষিণ কৰে, কিছুমান ধূমকেতুৱেও সেইদৰে নিৰ্দ্দিষ্ট সময়ৰ মূৰত আকাশত ওলায়। বেচি ভাগ ধূমকেতু কিন্তু এবাৰ দেখা দিয়েই চিৰকালৰ বাবে অদৃশ্য হয়।

 সকলে গ্ৰহ পশ্চিমৰপৰা পূবলৈ গতি কৰে; কিছুমান

ধূমকেতু কিন্তু পূবৰপৰা পশ্চিমলৈ চলে, কিছুমানেহে গ্ৰহৰ দৰে

স—৬