পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
শামুক আৰু শঙ্খ


 এটা কাঁচৰ পাত্ৰত লাইশামুক এটা থৈ তাৰ গতিবিধি লক্ষ্য কৰিব পাৰি। ইয়াৰ মূৰৰ ওপৰত শিঙৰদৰে দুডাল শুড় থাকে; আৰু তাৰ পাচৰফালে আৰু দুডাল শুড়ৰ মূৰত দুটা চকু থাকে। ইহঁতৰ দেহৰ তলফালে থকা এখণ্ড মঙহেই ভৰিৰ কাম কৰে। ইহঁতৰ বেলেগ ভৰি নাই; এই মঙহেৰেই ইহঁত চুচৰি যায়। আৱশ্যক মতে ই তাৰ সেই অঙ্গ ভিতৰত সুমুৱাই লয়; ইয়াক আমি জিভা বোলোঁ। জিভাৰ ওপৰফালে এচটা সমান পাতল খোলা থাকে; জিভা ভিতৰলৈ সুমালেই এই খোলাই ঢাকনিৰ কাম কৰে।

 শামুকৰ মূৰৰ তলত এখন মুখো আছে; এই মুখত কিছুমান দাঁত থাকে, দাঁতবোৰ আমাৰ দাঁতৰদৰে টান নহয়। ই পানীত থকা শেলাই আদি খায়। ইয়াৰ দাতবোৰ সোনকালে ক্ষয় হয়; কিন্তু তাৰ পাচতেই আৰু কেইটামান নতুন দাঁত গজি উঠে।

 শঙ্খ আৰু কড়ি সমুদ্ৰত থাকে; ইহঁত শামুকৰে ককাইভাই। শঙ্খৰ আকৃতি শামুকৰদৰে নহয়; মাজফালে পাক লৈ নলীৰদৰে

শঙ্খ

হয়, আৰু আগটো নেজৰফালে সৰু হৈ যায়। কড়ি কিন্তু শঙ্খৰ নিচিনা নেজৰদৰে সৰু নহয়। শঙ্খ আৰু কড়ি এফালে