বেগতে ৰণৰ হেঁপাহ পলাব; দেখা নাই, মই এই গদা কান্ধত লৈ হিমালয়শিখৰৰ দৰে যুদ্ধ কৰিবলৈ থিয় হৈ আছোঁ! মোৰ লগত ন্যায়ানুসাৰে ৰণ কৰিবলৈ ইন্দ্ৰেও আগ নাবাঢ়ে। তুমি নাজানানে, ময়েই ছলেৰে তোমালোকক অৰণ্যত বাস দিছিলোঁ আৰু ময়েই তোমালোকক বেশছন কৰাই পৰৰ ঘৰত দাসত্ব কৰাইছিলোঁ! এতেকে শৰৎকালৰ বৰষুণ নবৰষা মেঘৰ দৰে মিছা গৰ্জ্জন এৰাঁ, তোমাৰ গাত যিমান শক্তি আছে এই যুদ্ধত প্ৰকাশ কৰাঁ। ”
ভীম আৰু দুৰ্য্যোধনৰ ভিতৰত গদাযুদ্ধ আৰম্ভ হল। দুৰ্য্যোধন ৰণক্ষেত্ৰৰপৰা পলাই পুনৰ ৰণত নামিছে; তেওঁৰ অন্ধ পিতৃৰ বাহিৰে মোৰ বুলিবলৈ আত্মীয়স্বজন আৰু কোনো নাই। এই কাৰণে দুৰ্য্যোধনৰ জীয়াই থাকিবলৈ অন্তৰত আশা নাই; তদুপৰি তেওঁ শ্ৰান্ত যদিও ৰণ-নিপুণ। এনে অৱস্থাত ভীমে তেওঁক পৰাস্ত কৰা সহজ নহয়। দুৰ্য্যোধনে ভৗমক কেইব বাৰো গদাৰে টানকৈ কোব বহালে, ভীমেও প্ৰতিশোধ ললে; শেষত গৈ কিন্তু ভীমৰ পক্ষে দুৰ্য্যোধনৰ গদাৰ প্ৰহাৰ সহ্য কৰা টান হৈ উঠিল। তেতিয়া অৰ্জ্জুনে ভীমে দেখাকৈ নিজৰ বাম ঊৰুত এটা চাপৰ মাৰিলে। ভীমে এই সঙ্কেত বুজি পালে আৰু ছেগ বিচাৰি গদা ঘূৰাবলৈ ধৰিলে। তাৰ অলপ পাচত দুৰ্য্যোধনৰ গদাৰ কোবত ভীম মুৰ্চ্ছিত হবলগীয়া হল; দুৰ্য্যোধনে বুজিব নোৱাৰি তেনে অৱস্থাতে ভীমক মাৰিবলৈ খেদি গল, কিন্তু ভীমৰ অৱস্থা বুজি প্ৰহাৰ নকৰিলে। তাৰ পাচত ভীম