কৌৰৱৰ নিমিত্তে মই ৰাজ্য লবলৈ ইচ্ছা কৰিছিলোঁ, মোৰ
সেই সহোদৰসকল মৰিল। পৃথিবী ৰত্নহীনা আৰু ক্ষত্ৰিয়শূন্যা;
মই এনে পৃথিবী ভোগ কৰিবলৈ ইচ্ছা নকৰোঁ। দ্ৰোণ আৰু
কৰ্ণ মৰিল, পিতামহ ভীষ্ম শৰশয্যাত; এই শূন্যপ্ৰায় পৃথিবী
সম্প্ৰতি তোমাৰেই হওক। সুহৃৎ, পিতা, পুত্ৰ, ভ্ৰাতা আদিক
মাৰি সহায়হীন হৈ কোন ৰজাই ৰাজ্যশাসন কৰিব খোজে?
মই অজিন-বসন পৰিধান কৰি বনলৈ যাম; আত্মীয়-স্বজন হত
হোৱাত মোৰ ৰাজ্যভোগলৈ আৰু অলপো স্পৃহা নাই। ”
দুৰ্য্যোধনৰ এই কৰুণ কথা শুনি যুধিষ্ঠিৰে কলে— “হে নৰেশ্বৰ, তুমি আতুৰৰ অসংলগ্ন কথাৰদৰে পানীৰপৰা কথা নকবা; চৰাইৰ ধ্বনিৰদৰে তোমাৰ কথাবোৰ মোৰ কাণত সোমোৱা নাই। যদিও তুমি দান কৰিবলৈ সমৰ্থ হৈছা, মই কিন্তু তুমি দিয়া পৃথিবী শাসন কৰিবলৈ ভাল নাপাওঁ। দান গ্ৰহণ কৰা ক্ষত্ৰিয়ৰ ধৰ্ম্ম নহয়। তুমি দিয়া পৃথিবী মই গ্ৰহণ নকৰি তোমাক ৰণত বিশেষৰূপে পৰাজিত কৰিহে বসুধা ভোগ কৰিবলৈ ভাল পাওঁ।
আৰু তুমি দেখো নিজেই অনীশ্বৰ, কেনেকৈ বা পৃথিবী দান কৰিবলৈ ইচ্ছা কৰিছা মই বুজা নাই! যেতিয়া মই কুলৰ বিনাশ নহবলৈ মোৰ ৰাজ্য প্ৰাৰ্থনা কৰিছিলোঁ, তেতিয়া কিয় নিদিলা? হে কৌৰৱনন্দন, এতিয়া আৰু পৃথিবী দান কৰিবলৈ তোমাৰ প্ৰভুত্ব নাই। যিজনে আগেয়ে যাক বলেৰে মাৰিবলৈ ইচ্ছা কৰিছিল, সি বা এতিয়া তাক কেনেকৈ ৰাজ্য