পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
সঙ্গ

এতেকে সংসাৰ তৰিবেক সুখে
 শুনিও দৃষ্টান্ত আৰ।
অগ্নিৰ আশ্ৰয়  পাইলে যেন গুচে
 ভয়-শীত-অন্ধকাৰ॥

সন্তৰ আশ্ৰয়  পাইলে সেহি মতে
 ত্ৰিতয় কাৰ্য্য সাধয়।
গুচে কৰ্ম্মজড়,  অজ্ঞান-আন্ধাৰ,
 আৱৰ সংসাৰ-ভয়॥

কিবা বহুতৰ, কহিবোঁ সন্তৰ
 মহিমাৰ নাহি পাৰ।
যেন সমুদ্ৰত,  মজে লোক যত,
 নৌকাসে আশ্ৰয় তাৰ॥

সেহি মতে ঘোৰ  সংসাৰ-সাগৰে
 মজে যত প্ৰাণীচয়।
তান আন গতি নাহিকে কেৱল
 সন্তেসে মাত্ৰ আশ্ৰয়॥