পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
ভগদত্ত


হৃদয় ভেদ কৰে। ইন্দ্ৰসখা ৰজা ভগদত্ত এইদৰে ইন্দ্ৰতনয় অৰ্জ্জুনৰ বাণত বিদ্ধ হই মাটিত পৰি গল। ইন্দ্ৰবিক্ৰম প্ৰাগ্‌জ্যোতিষপুৰাধিপতিৰ পতনত তেওঁৰ সৈন্যবাহিনীৰ ভিতৰত হাহাকাৰ লাগিল; ধুমুহা বতাহে গছ ভঙাৰ দৰে অৰ্জ্জুনে ভগদত্তক সংহাৰ কৰি জয়াকাঙক্ষী অন্যান্য বীৰসকলকো নিহত কৰিবলৈ ধৰিলে।