পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
ভগদত্ত


হাতীটো ঐৰাৱতজাতীয় আছিল আৰু সি ভালদৰে যুঁজিব জানিছিল।

 কুৰুক্ষেত্ৰ-সমৰত ভগদত্তে ভীমক আক্ৰমণ কৰোঁতে তেওঁৰ সেই বৃহৎ হাতীয়ে দুইভৰি আৰু শুড়েৰে ভীমক আক্ৰমণ কৰিছিল; আৰু তাৰ ফলত ঘোৰাৰে সৈতে ভীমৰ ৰথ চূৰ্ণ হৈছিল। ভীমে কৌশল কৰি পোনতে ৰক্ষা পৰে কিন্তু পাচত এই সুশিক্ষিত হাতীয়ে শুড়েৰে ভীমক ধৰি আঠুত কোব দিয়ে, আৰু শেষত ডিঙিত মেৰাই ধৰি তেওঁক বধ কৰিবলৈ যত্ন কৰে। সেই সময়ত ভীমে ভয়ত আৰ্ত্তনাদ কৰি উঠাত আঁতৰত থকা পাণ্ডৱ- সৈন্য গৈ উপস্থিত হয়; তেতিয়াহে ভীমে ৰণ নকৰি আত্মৰক্ষা কৰিবলৈ সুবিধা পায়। এই সময়ত যুধিষ্ঠিৰ আদিয়ে বৃকোদৰ নিহত হোৱা বুলিয়েই ভাবিছিল; আৰু তাৰ পাচতেই বহুত পাণ্ডৱসৈন্যে ভগদত্তক বেঢ়ি ধৰিছিল। তেতিয়া পুনৰ ভগদত্তৰ লগত পাণ্ডৱ আৰু পাঞ্চাল সৈন্যৰ ৰণ হয়। বনৰ মাজত জ্বলি-থকা জুইৰদৰে হাতীৰ ওপৰত থকা ভগদত্ত ৰথীবিলাকৰ মাজত জিলিকি উঠে; আৰু তাৰ পাচতে গৰখীয়াই এছাৰিৰে গৰু খেদি লৈ যোৱাৰ দৰে ভগদত্তে পুনৰ পাণ্ডৱ-সৈনাবোৰ খেদি নিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে পাণ্ডৱপক্ষীয় সৈন্য- বোৰৰ বেচি সংখ্যা মৰা পৰিল, আৰু কিছুমানে ৰণভূমি ত্যাগ কৰিলে।

 অৰ্জ্জুনে দূৰৈৰ পৰা পাণ্ডৱসৈন্যৰ এনে অৱস্থা দেখি খেদি আহিল। অৰ্জ্জুনৰ সাৰথি শ্ৰীকৃষ্ণ। তেওঁ ভগদত্তৰ ওচৰলৈ