পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভগদত্ত।

 ভগদত্ত নৰকাসুৰৰ জ্যেষ্ঠ পুত্ৰ। এওঁ বৰ বাহুবলী পুৰুষ আছিল; আৰু পিতাকৰপৰা বৈষ্ণৱাস্ত্ৰ নামে এবিধ অমোঘ অস্ত্ৰ লাভ কৰিছিল। ভগদত্তৰ সময়ত প্ৰাগ্‌জ্যোতিষপুৰৰ গৌৰৱ চাৰিওফালে বিস্তাৰিত হৈছিল। কথিত আছে, আমাৰ প্ৰাগ্‌জ্যোতিষপুৰাধিপতি ভগদত্তৰ শক্তি দেখি দেৱৰাজ ইন্দ্ৰে তেওঁৰ লগত সৌহাৰ্দ্দ্য স্থাপন কৰিছিল।

 ভগদত্তৰ ভানুমতী নামে এজনী গুণৱতী আৰু ৰূপৱতী ভনীয়েক আছিল। কুৰুৰাজ মদগৰ্ব্বী দুৰ্য্যোধনে ভানুমতীক বৰ আড়ম্বৰেৰে বিবাহ কৰিছিল। এই সূত্ৰে ভগদত্তৰ কুৰুবংশৰ লগতো মিত্ৰতা ঘটে।

 ভগদত্ত নিজে যেনে বীৰ আছিল, অন্য বাৰৰ বীৰত্ব দেখিও তেওঁ আনন্দ প্ৰকাশ কৰিছিল। পাণ্ডৱসকলে ৰাজসূয়-যজ্ঞ উপলক্ষ্যে যেতিয়া দিগ্বিজয় কৰি ফুৰে, সেই সময়ত অৰ্জ্জুন আমাৰ দেশ জয় কৰিবলৈ আহিছিল। অৰ্জ্জুনৰ লগত শাকলদ্বীপৰ মহাধনুৰ্দ্ধাৰী কেইজনমান ৰজাও আহিছিল। এওঁবিলাকে প্ৰাগ্‌জ্যোতিষ আক্ৰমণ কৰাত ভগদত্তে বাধা দিয়ে। ভগদত্তৰ কিৰাত, চীন আৰু সাগৰ-তীৰত থকা ৰণনিপুণ বহুত যুঁজাৰু আছিল। ভগদত্তৰ লগত অৰ্জ্জুনৰ