পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৈকুণ্ঠ।

 প্ৰত্যেক জাতিৰ সুখৰ একোটা আহি আছে। সেই আহি যি ঠাইত পোৱা যায়, তাকে সেই জাতিৰ বৈকুণ্ঠ বোলে।

 প্ৰত্যেক জাতিৰ সুখৰ আৰ্হি বেলেগ বেলেগ, সেই দেখি সিহঁতৰ বৈকুণ্ঠও বেলেগ বেলেগ। হিন্দুৰ বৈকুণ্ঠ খ্ৰীষ্টিয়ানৰ লগত নিমিলে, খ্ৰীষ্টিয়ানৰ বৈকুণ্ঠ মুছলমানৰ লগত নিমিলে। খ্ৰীষ্টিয়ানবিলাকৰ মতে বৈকুণ্ঠ এখন আনন্দৰ উপবন, তাৰ ভিতৰত অসংখ্যাত ফুলনি আছে আৰু ফুলনিয়ে পতি অযুত অযুত বিতোপন ফুল ফুলি আছে। ফুলনিবোৰৰ মাজত নানা বিধ বহুমূলীয়া বাখৰ আৰু মণি-মুক্তা পাৰি দিয়া সৰু সৰু বাট আছে। পুৰীখন গোটাই চিকমিকীয়া সেউজীয়া নতুন দুবৰিৰে ঢকা, তাত মলয়া বাৰেও মাহে বলে। বৈকুণ্ঠ সদায় পোহৰ, তাত ৰাতি নাই, সমস্ত পুৰী উজ্জ্বল জ্যোতিৰ্ম্ময়। সেই পুৰীৰ ভিতৰত পৰমেশ্বৰ এখন উচ্চ আসনত বহি আছে, আৰু স্বৰ্গৰ দূতবিলাকে তেওঁক চৌপাশে বেঢ়ি আছে, ওচৰত যীশুখ্ৰীষ্ট পিতৃৰ আদেশলৈ অপেক্ষা কৰি থিয় হৈ আছে।

 মুছলমানৰ বৈকুণ্ঠ এনেকুৱা নহয়। তেওঁলোকৰ মতে বৈকুণ্ঠ এখন গড় মৰা পুৰী, তাত ‘পয়গম্বৰ’ প্ৰধান মোহম্মদ আৰু তেওঁৰ দুহিতাই স্বয়ং পৰ দিছে। তাত ৰাতি নাই,