আৰু বায়ু স্থিতিস্থাপক; ইহঁতৰো কোন অংশৰ আন্দোলনত
গোটেইটো আন্দোলিত হৈ পানীত ঢৌ আৰু বায়ুত শব্দ-তৰঙ্গ
উৎপন্ন হয়। কিন্তু পানীৰ ঢৌ আৰু শব্দ-তৰঙ্গৰ বেগৰ লগত
আকাশৰ আলোকতৰঙ্গৰ বেগৰ তুলনা নহয়। এই আলোক-
তৰঙ্গ আকাশত প্ৰত্যেক চেকেণ্ডত ১,৮৬,০০০ মাইল বেগেৰে
যায়। সূৰ্য্যমণ্ডল আমাৰ ইয়াৰপৰা ৯,৩০,০০,০০০ মাইল দূৰ;
আলোকতৰঙ্গে ইমানখিনি বাট কেৱল আঠ মিনিটত আহি আমাৰ
দৰ্শনেন্দ্ৰিয়ত আঘাত কৰেহি।
পোহৰ থকা ঢৌবোৰ বেগত যদিও বৰ বেচি কিন্তু আঁকাৰত অতি ক্ষুদ্ৰ। পণ্ডিতসকলে হিচাব কৰি ঠিক কৰিছে, যে আকাশৰ যিবোৰ ঢৌৱে আমাৰ পোহৰৰ জ্ঞান জন্মায় সিহঁতৰ একোটা, দীঘলে এক ইঞ্চিৰ লক্ষ ভাগৰ এভাগ মাথোন। এই ঢৌবিলাকৰ ভিতৰত যিবোৰ অলপ দীঘল সেইবোৰে ৰঙা ৰহণৰ পোহৰ দিয়ে। ইয়াতকৈ অলপ চুটিবোৰে হালধীয়া, নীলা আৰু আটাইতকৈ চুটিবোৰে বেঙুনীয়া ৰহণৰ পোহৰ দিয়ে। কিন্তু ৰঙা পোহৰৰ ঢৌতকৈ দীঘল, আৰু বেঙুনীয়া পোহৰৰ ঢৌতকৈ চুটি ঢৌবোৰক আমাৰ চকুৱে ধৰিব নোৱাৰে, সেই কাৰণে আমি সেইবোৰ নেদেখোঁ। সূৰ্য্যই আমাক যি পোহৰ দিয়ে সি সাতোটা ৰঙৰ সমষ্টি মাথোন। তিনি-শিৰীয়া এখন কাঁচৰ মাজেদি সূৰ্য্যৰ পোহৰ আহি কোনো ঠাইত পৰিলে এই ৰং কেইটা বেলেগকৈ দেখা পোৱা যায়। ইয়াৰ দ্বাৰাই প্ৰমাণ হয়, যে সূৰ্য্যালোকত এই সাত বিধ বিভিন্ন বৰ্ণৰ ৰং আছে, আৰু