পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
সাহিত্য


কথা এই মতেৰে বুজাব নোৱাৰি; গতিকে আজিকালিৰ বৈজ্ঞানিক পণ্ডিতসমাজে এই মত ভুল বুলিবলৈ বাধ্য হৈছে।

 প্ৰকৃততে অলপ দকৈ গমি চালে বুজিব পাৰি, যে পোহৰ কোনো পদাৰ্থ নহয়, পদাৰ্থৰ অণুবিলাকৰ এক ৰকম আন্দোলন বা তৰঙ্গ মাথোন। এই মত বৈজ্ঞানিক পণ্ডিত হিগেলে ১৬৭৮ খ্ৰীষ্টাব্দত প্ৰথমে প্ৰচাৰ কৰে। ইয়াৰ পাচত মহামতি ক্লাৰ্ক ম্যাক্সওৱেল্ প্ৰভৃতি পণ্ডিতসকলে পোহৰৰ বহুত নতুন নতুন তত্ত্ব আবিষ্কাৰ কৰে। এওঁবিলাকে এই পোহৰ বুজিবলৈ চেষ্টা কৰোঁতে ইথাৰ নামে এবিধ অতি সূক্ষ্ম স্থিতি-স্থাপক বিশ্বব্যাপী পদাৰ্থৰ অস্তিত্ব প্ৰমাণিত হৈছে। আমাৰ অতীজৰ পূজনীয় পণ্ডিতসকলেও আকাশ নামে এবিধ অতি সূক্ষ্ম বিশ্বব্যাপী বস্তুৰ অস্তিত্ব স্বীকাৰ কৰি গৈছে। এতেকে ইথাৰ আৰু আকাশক একে পদাৰ্থ নুবুলি নোৱাৰি।

 এই ইথাৰ বা আকাশৰ এটা গুণ এই, যে ই নাই এনেকুৱা ঠাই ক’তো দেখা নাযায়; যিমান বস্তু আছে সকলোতে ই আছে। গ্ৰহ-নক্ষত্ৰ আদিৰ মাজত যি বিশাল অনন্ত ৰাজ্য আছে তাতো ই বৰ্ত্তমান। ইস্পাতৰ স্প্ৰিং কিম্বা ৰবৰ যেনে বস্তু, এই আকাশো কিছু পৰিমাণে তেনেকুৱাই; টানি ধৰিলে ই বলি আহে, এৰি দিলে আকৌ পূৰ্ব্বাৱস্থা পায়। ৰবৰডোখৰ টানি ধৰি এৰি দিলে কিছু পৰ কঁপি থাকে আৰু লাহে লাহে ৰৈ যায়। এই আকাশৰো কোনো অংশত অলপ লৰাই দিলেই ই ঘন ঘনকৈ কঁপি থাকে; আৰু এনেকৈ কঁপাৰ গুণতে ইয়াৰ চাৰিওফালে ঢৌ উঠে। পানী