কিন্তু এই ইচ্ছা ঐকান্তিক হব লাগে। ইংৰাজীত এটা প্ৰবাদ-
বাক্য আছে, যে “যি নিজৰ উপায় নিজে বিচাৰে, ঈশ্বৰেও তেওঁক
সহায় কৰে। ”
সংসাৰত উন্নতি কৰিবলৈ হলে মানুহৰ অন্তৰত প্ৰথমে কৰ্ম্ম কৰিবলৈ প্ৰৱল ইচ্ছা জন্মিব লাগে; কৰ্ম্মীজন আত্মনিৰ্ভৰশীল আৰু দৃঢ়প্ৰতিজ্ঞ হলে তেওঁ কৃতকাৰ্য্য নহৈ নাথাকে। কোনো কৰ্ম্মলৈ প্ৰৱল ইচ্ছা জন্মিলে উপায় আপুনি আহি আগত দেখা দিয়ে। মানুহ ভুলত পৰা স্বাভাৱিক; এবাৰ বা দুবাৰ ভুলত পৰি অকৃতকাৰ্য্য হব পাৰে, কিন্তু কামটো সম্পাদন কৰিবলৈ দৃঢ়- প্ৰতিজ্ঞা থাকিলে পুনঃ পুনঃ যত্ন কৰিবলৈ আমাৰ প্ৰবৃত্তি নজন্মি নাথাকে। ঐকান্তিক ইচ্ছাৰ বিফলতা নাই; জাহাজ, ৰেল, আকাশীজাহাজ, টেলিগ্ৰাফ আদিৰ আবিষ্কাৰ, বলৱতী ইচ্ছা আৰু অধ্যৱসায়ৰ ফলমাথোন।
উন্নত দেশৰ মানুহবিলাক সদায় কম্মত লিপ্ত থাকে; তেওঁ- লোকৰ লক্ষ্যও উচ্চ। এই কাৰণে এলাহক ঘিণ কৰি তেওঁ- লোকে নিজক মহান আদৰ্শত ঢালিবলৈ অহৰহ যত্ন কৰি থাকে। এইবোৰ দেশত সেই কাৰণে পৰচৰ্চ্চা আৰু পৰনিন্দা কৰা বেচি- ভাগ মানুহৰ অভ্যাস নাই। আমাৰ দেশৰ বেছিভাগ মানুহৰ লক্ষ্য ডাঙৰ নহয়, নিজৰ ওপৰত বিশ্বাসো প্ৰায় মানুহৰে কম; বেছিভাগ মানুহেই সদায় পৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব খোজে। এই কাৰণেই সামান্য কাম কৰি কোনোমতে প্ৰাণ প্ৰৱৰ্ত্তিলেই হল বুলি ভাবে; আৰু আজৰি পৰখিনি পৰচৰ্চ্চাত খৰচ কৰে।