এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সাহিত্য
জোঁক পোক মশ ডাঁস দেখি তই হৈবি ত্ৰাস
স্বভাৱে ডৰুক তিৰীজাতি।
ফল-মূল বিনে আন ভোজন নাহিক তাত
কিমতে সহিবি দুখ আতি॥
ৰত্নময় মন্দিৰত চলন্তে শোণিত ঝৰে
দেখোঁ তোৰ চৰণৰ ভাৱ।
অৰুণ কমল পাৱ কুশময় কণ্টকত
কিমতে কাঢ়িবি তই পাৱ॥
নেত তুলি কমলীত সদায়ে শয়ন কৰ
কেনে শুইবি তৃণৰ শয্যাত।
বোলোঁ তোক প্ৰাণেশ্বৰী পতিব্ৰতা ধৰ্ম্ম ধৰি
ঘৰে থাকি ভজিও আমাত॥
সীতায়ে বোলন্ত প্ৰভু আত মোৰ ভয় নাই
প্ৰাণ মোৰ আছে তযু পাৱে।
সিংহ, বাঘ, হস্তী, নাগ ওচৰকো নাসিবেক
পলাইবেক তোমাৰ প্ৰভাৱে॥
নাম মাত্ৰ শুনি যাৰ দূৰ হোৱে যম-কাল
আন কোন ক্ষুদ্ৰ হয় ভয়।
হেন প্ৰভু ৰাম তুমি তোমাৰ মহিষী আমি
কিঞ্চিতেকো নকৰোঁ সংশয়॥