এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাহিত্য
কৌশল্যা দেবীয়ে ধৰ্ম্মমতি ৰামক পিতৃ-বাক্য পালনত কৃত-
নিশ্চয় দেখি কান্দোঁ কান্দোঁহৈ কলে—“হে লোকৰঞ্জন ৰাম,
তুমি অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ, কুশল-ৰাজতনয়া অযোধ্যা-
ৰাজমহিষী তোমাৰ জননী; তুমি দুখৰ ছাঁ দেখা নাই; কেনেকৈ
ভিক্ষা বৃত্তি লৈ চলিবা?”