পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ৰাম-লক্ষ্মণ আৰু কৌশল্যাৰ কথোপকথন

ৰাজ্যবিপ্লৱৰ আশঙ্কাতেই ৰাজত্ব কৰিবলৈ আপুনি অভিলাষ নকৰে, তেন্তে সেই আশঙ্কা ত্যাগ কৰক; কিয়নো সাগৰৰ তীৰ-ভূমিয়ে সাগৰ ৰক্ষা কৰাৰদৰে মই আপোনাৰ ৰাজ্য ৰক্ষা কৰিম। এই প্ৰতিজ্ঞা পালন নকৰিলে মই বীৰলোকভাগী হব নোৱাৰিম।

 মহাত্মন্‌, আপুনি মাঙ্গল্য-দ্ৰব্যেৰে অভিষিক্ত হৈ ৰাজত্ব কৰিবলৈ প্ৰস্তুত হওক, মই অকলেই পৃথিবীৰ সমস্ত মহীপালক নিবাৰণ কৰিম। মোৰ এই হাত দুখন শোভাৰ নিমিত্তে, ধনু অলঙ্কাৰৰ অৰ্থে, অসি কটিবন্ধনৰ বাবে আৰু শৰবোৰ স্তম্ভনৰ কাৰণে নহয়—শত্ৰু-নাশৰ নিমিত্তেহে মোৰ এই চতুব্বিধ বস্তু।

 হে প্ৰভু, আজি আপোনাৰ প্ৰভুত্ব স্থাপন আৰু ৰজা দশ- ৰথৰ প্ৰভুত্ব বিলোপৰ অৰ্থে মোৰ অস্ত্ৰবোৰৰ প্ৰভাৱ প্ৰকাশিত হব। হে ৰাম, আপোনাৰ অভিষেক-বিঘ্নকাৰীসকলক নিবাৰণ কৰিবলৈ সুহৃদ-পালনৰ উপযুক্ত মোৰ এই বাহু দুটাই উপযুক্ত কাম কৰিব। আজি মই আপোনাৰ কোন শত্ৰুক প্ৰাণ, যশ আৰু বান্ধৱৰপৰা বিমুক্ত কৰোঁ, আপুনি আগেয়ে তাকে মোক কওক। মই আপোনাৰ কিঙ্কৰ; কি কৰিলে ভূমণ্ডল আপো- নাৰ হাতলৈ যায়, বিনা সঙ্কোচে তাকে মোক কৰিবলৈ আদেশ কৰক। ”

 ৰামে লক্ষণৰ কথা শুনি কলে—“হে শুভদৰ্শন, পিতৃ-মাতৃৰ বাক্যমতে চলা সাধুসকলৰ আচৰিত পথ, এই কাৰণে মই তাতেই আছোঁ, তুমি ইয়াক বুজিবা।”