পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সাহিত্য


গতিকে আপোনাৰ ধৰ্ম্মাসক্তি সকলো লোকৰ নিন্দিত, আৰু যদি দৈৱৰপৰাই পিতা-মাতাৰ বুদ্ধি তেনে হৈছে বুলি আপোনাৰ নিশ্চয় হৈছে, তথাপি সেই নিশ্চয়তাক আপুনি উপেক্ষা কৰা উচিত। কিয়নো তেনে বিৰুদ্ধকাৰী দৈৱকেই মই ভাল নাপাওঁ।

 হীনবীৰ্য্য আৰু জ্ঞানশূন্য মানুহহে দৈৱৰ অনুগামী হয়; যাৰ শৌৰ্য্য-বীৰ্য্য লোকবিখ্যাত, তেনে বীৰসকলে কেতিয়াও দৈৱৰ উপাসনা নকৰে। যি পুৰুষৰ পৌৰুষেৰে দৈৱক বাধা দিবৰ ক্ষমতা আছে, তেওঁ দৈৱৰ গুণত বিপন্ন হৈয়ো অৱসন্ন নহয়। দদা! আজি দৈৱ আৰু মানুহৰ ক্ষমতা প্ৰকাশ হব। আজি সকলোৱে দৈৱ আৰু মানুহৰ ক্ষমতা দেখা পাব। যি দৈৱৰপৰা আপোনাৰ ৰাজ্যাভিষেকৰ ব্যাঘাত ঘটিছে, আজি লোকে সেই দৈৱক মোৰ পৌৰুষেৰে নিহত হোৱা দেখিব। আজি মই পৌৰুষেৰে নিৰঙ্কুশ আৰু শৃঙ্খলা অতিক্ৰমকাৰী মদোদ্ধত হাতীৰদৰে গমন কৰা দৈৱক ওতোতই আনিম।

 হে আৰ্য্য, আজিকালিৰ কথা নকৱেঁই, আপোনাৰ সহস্ৰ বছৰ পাচত প্ৰাচীন ৰাজৰ্ষিসকলৰ আচৰণ অনুসাৰে প্ৰজাক পালন কৰিবলৈ পুত্ৰসকলৰ ওপৰত ভাৰ দি যেতিয়া আপুনি বনবাসলৈ যাব, তেতিয়াও আপোনাৰ পুত্ৰসকলেহে প্ৰজাপালন কৰিব। এই ৰাজ্যত আন কাৰো অধিকাৰ নাই।

 হে ৰাম, ৰজা দশৰথে বিবেচনা শক্তি হেৰুৱা বাবে যদি