বহু পূৰণিকালৰে পৰা জ্যোতিৰ্ব্বিদ পণ্ডিতসকলৰ মনত মঙ্গল আৰু বৃহস্পতিৰ মাজৰ ব্যৱধান আন আন গ্ৰহৰ মাজৰ ব্যৱধানৰ তুলনাত বেচি বুলি অনুমিত হৈছিল। গ্ৰহবিলাকৰ দূৰত্ব সম্বন্ধে তেওঁলোকে এটা নিয়ম উলিয়াইছিল আৰু সকলো গ্ৰহৰ দূৰত্ব এই নিয়মে পোৱ দূৰত্বৰ লগত প্ৰায় মিলি যোৱা দেখা গৈছিল। কেৱল মঙ্গল আৰু বৃহস্পতিৰ মাজত যি ব্যৱধান সেইটোহে মিলা নাছিল। দুয়োৰে পৰা সমান দূৰত ইহঁতৰ মাজত যদি আৰু এটা গ্ৰহ থাকে তেনেহলে আগত কোৱা নিয়ম মতে সকলো গ্ৰহৰে দূৰত্ব মিলি যায়। এই অনুমানৰ ওপৰত নিৰ্ভৰ কৰি সুপ্ৰসিদ্ধ জ্যোতিৰ্ব্বিদ্ পণ্ডিত কেপ্লাৰে ভবিষ্যদ্বাণী কৰিলে, যে মঙ্গল আৰু বৃহস্পতিৰ মাজত এটি গ্ৰহ আছে। কালত ই জ্যোতিষীসকলৰ চকুত পৰিব। কেপ্লাৰৰ এই ভবিষ্যদ্বাণী বহুত দিনলৈ প্ৰমাণিত নোহোৱাকৈ আছিল। পাচত যেতিয়া ইউৰেনাচ্ আবিষ্কৃত হল, দেখা গল, যে ই আগৰ কোৱা নিয়ম মতে থাকিবলগা দূৰতে আছে। কেপ্লাৰৰ কথাৰ ওপৰত পণ্ডিতসকলৰ তেতিযা দৃঢ় বিশ্বাস হল। তেওঁলোকে সঙ্কল্প কৰিলে, যে কেপ্লাৰ-কথিত এই অদৃশ্য গ্ৰহটো আবিষ্কাৰ নকৰিলে নহয়। অৱশেষত ইটালীয় জ্যোতিৰ্ব্বিদ্ পণ্ডিত “পিয়েজি’’য়ে ১৮০১ খ্ৰীস্টাব্দত এই অজ্ঞাত গ্ৰহটো আবিষ্কাৰ কৰিলে। পণ্ডিতসকলে এই গ্ৰহটোৰ নাম চিৰিচ ৰাখিলে। চিৰিচ আবিষ্কাৰ হোৱাৰ তিনি বছৰৰ ভিতৰত (১৮০১-১৮০৪) আৰু তিনিটা গ্ৰহ, মঙ্গল আৰু বৃহস্পতিৰ মাজতে আবিষ্কৃত হল।
পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সাহিত্য