পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
সৌৰজগতৰ ক্ষীণ আভাস


সকলো গোলমালৰ ওৰ পৰে। কিন্তু যদিও বা এনে কোনো অজ্ঞাত গ্ৰহ থাকেই, তেনেহলেও অধ্যাপৰ বোদৰ সংস্থানৰ বিধান অনুসাৰে ইয়াৰ আনুমানিক দূৰত্ব ৩৮৮ কোটি মাইলৰ কম নহবৰ কথা। এতিয়া ভাবি চাওক সৌৰ জগতৰ সুদূৰ প্ৰান্তত থকা এই অদৃশ্য গ্ৰহটোৰ স্থান নিৰ্দ্দেশ কৰা কি ভয়ানক দুৰূহ কাম। কিন্তু ইয়াতো গণিতৰ জয় হল। ফ্ৰাঞ্চদেশৰ অমৰ পণ্ডিত লেবেৰিয়াৰে গণনাৰ দ্বাৰা এই গ্ৰহটোৰ স্থান নিৰ্দ্দেশ কৰি বালিনৰ ডাক্তৰ গালেলৈ লিখি পঠিয়ালে, যে তেওঁ যেন তেওঁৰ দূৰবীক্ষণাদিৰে সেই অদৃশ্য গ্ৰহটোক নিৰ্দিষ্ট স্থানত অনুসন্ধান কৰে। গেলে চিঠি পায়েই কৌতুহলাক্ৰান্ত হৈ নিৰ্দ্দিষ্ট স্থানত গ্ৰহৰ অনুসন্ধান আৰম্ভ কৰিলে আৰু অনেক পৰ্য্যবেক্ষণ আৰু পৰীক্ষাৰ ফলত ১৮৪৫ খ্ৰীষ্টাব্দত লেবেৰিয়াৰৰ গ্ৰহ আবিষ্কাৰ কৰি পেলালে। লেবেৰিয়াৰ এই গ্ৰহটোৰ নাম নেপচুন ৰখা হল। কোৱা বাহুল্য, যে সেই একে সময়তে ইংলণ্ডত আডাম্‌চ্ নামে পণ্ডিত এজনেও সুকীয়াভাবে গণনা কৰি সেই গ্ৰহটোৰ স্থান আৰু গতি নিৰ্দেশ কৰিছিল।

 নেপচুন পৃথিবীতকৈ ৬০ গুণে ডাঙৰ আৰু সূৰ্য্যৰপৰা ইয়াৰ কক্ষ ৩০০ কোটি মাইল দূৰত অৱস্থিত। ই আমাৰ ১৬৪ বছৰত সূৰ্য্যৰ চাৰিওপিনে এবাৰ ঘূৰে। ইউৰেনাচ আৰু নেপচুনক এৰিও ৫০০ শ মান সৰু সৰু গ্ৰহ প্ৰায় যোৱা ১০০ বছৰৰ ভিতৰতে আবিষ্কৃত হৈছে। এইবিলাকৰ আবিষ্কাৰৰ ইতিহাস বৰ কৌতূহলজনক।