পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সাহিত্য


সকলোৰে পিতৃস্থানীয়; সেই বিৰাট বাষ্পগোলকটিয়েই আমাৰ সুপৰিচিত সূৰ্য্য। আমি জানো, যে যি বস্তুত যিমান অধিক পদাৰ্থ, সেই বস্তু তপত হলে, চেঁচা হবলৈ সিমান বেচি সময় লাগে। সমান গৰম এটি পানী একলহ পানীতকৈ আগেয়ে চেঁচা হৈ যায়। কাজেই প্ৰথমে সমানে গৰম থাকিলেও বুধ, শুক্ৰ, পৃথিবী, মঙ্গল আদি গ্ৰহত পদাৰ্থ কম থকা হেতু একেবাৰে চেঁচা হৈ গৈছে, অথচ বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন আদি গ্ৰহবিলাক ডাঙৰ কাৰণে এতিয়াও গৰম হৈ আছে। ইফালে আকৌ চন্দ্ৰ বৰ সৰু হোৱা বাবে ইয়াৰ আগ্নেয়গিৰি পৰ্য্যন্ত চেঁচা হৈ মৰি গৈছে। কিন্তু সূৰ্য্য আন আন সকলো গ্ৰহ-উপগ্ৰহবিলাকতকৈ বহুত ডাঙৰ হোৱা কাৰণেই এতিয়াও অত্যন্ত গৰম আৰু তেজোময় হৈ আছে আৰু সকলো গ্ৰহ-উপগ্ৰহ বিলাকক তাপ আৰু পোহৰ দিব পাৰিছে।

 সৌৰজগতৰ সাধাৰণ বিবৰণ:—

 ওপৰত যি তেজোময় গোলকপিণ্ডৰ কথা কোৱা হল, সেই সূৰ্য্য আৰু তাৰ আকৰ্ষণৰ অধীনস্থ জ্যোতিষ্কসমূহেই সৌৰ জগৎ। সৌৰ জগতত এতিয়ালৈকে পাঁচ শৰো বেচি গ্ৰহ আবিষ্কাৰ হৈছে। ইয়াৰ ভিতৰত বুধ, শুক্ৰ, পৃথিবী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ, আৰু নেপচুন এই আঠোটাই প্ৰধান। বাকী গ্ৰহবিলাক তেনেই সৰু সৰু, কেতবিলাকৰ ব্যাস ২০ মাইলতকৈও কম। মঙ্গল আৰু বৃহস্পতিৰ কক্ষৰ মাজত ইহঁতৰ কক্ষবিলাকৰ অবস্থিতি। বুধ, শুক্ৰ, পৃথিবী, মঙ্গল, বৃহস্পতি আৰু শনি এই ছটা গ্ৰহ অতি পুৰণি কালৰেপৰা জনাজাত। ইউৰেনাচ্-নেপচুন আৰু