পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
সৌৰ জগতৰ ক্ষীণ আভাস


অজানিত কাৰণে ইয়াৰ ভিতৰত কিছুমান শক্তি (Energy) নিহিত থকা হেতু প্ৰাকৃতিক নিয়মানুসাৰে ই নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিছিল। পাচত যেতিয়া তাপ বিকিৰণ কৰি ই চেঁচা হবলৈ ধৰিলে, ইয়াৰ আয়তনো ক্ৰমে কমি আহিব ধৰিলে। তেতিয়া ই প্ৰাকৃতিক নিয়ম অনুসাৰে আগতকৈ বেচি বেগেৰে ঘূৰিবলৈ ধৰিলে। ঘূৰ্ণ্যমান বিৰাট্‌ বাষ্পগোলকৰ পদাৰ্থসমষ্টিত কেন্দ্ৰৰপৰা বাহিৰৰ ফালে কেন্দ্ৰোপসাৰিণী (Centrifugal) শক্তি এটা উৎপন্ন হল। সেই শক্তি বিষুবৰেখাৰ ওচৰৰ পদাৰ্থসমষ্টিত বেচি হল। তেতিয়া বাহিৰৰ ফালে যাব খোজা পদাৰ্থসমূহ ধৰি ৰাখিবলৈ ভিতৰলৈ টনা শক্তি, অনুপাতে বেচি নোহোৱা হেতু বাষ্পগোলক যেতেকে আয়তনত কমি আহিবলৈ ধৰিলে, তেতেকে বিষুবৰেখাৰ ওচৰৰ পদাৰ্থসমষ্টি দূৰত ৰৈ আহিবলৈ ধৰিলে। এনেকৈয়ে ভিন ভিন সময়ত ভিন ভিন বাষ্পপিণ্ড বিৰাট গোলকৰপৰা বিভিন্ন হৈ ৰৈ গল। এই বাষ্পপিণ্ডবিলাকো প্ৰাকৃতিক বিধানানুসাৰে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰি ঘূৰি মাধ্যাকৰ্ষণৰ বলত ওপৰত কোৱা বিৰাট্ বাষ্পগোলকৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। এই সৰু সৰু বাষ্পপিণ্ডবিলাকেই কালত তাপ বিকিৰণ কৰি চেঁচা হৈ আমাৰ সুপৰিচিত গ্ৰহশ্ৰেণীত পৰিণত হৈছে। এই গ্ৰহবিলাকৰপৰাও আকৌ আগত কোৱা নিয়মে উপগ্ৰহৰ উৎপত্তি হল। এনেকৈয়ে সৌৰ জগতৰ সকলো জ্যোতিষ্কসমূহ উৎপন্ন হল।

 ওপৰত যি জ্যোতিষ্কমণ্ডলীৰ কথা কোৱা হল, সেইবিলাক