পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সাহিত্য


যদি কোনো মানুহৰ কাণ কলা হয অৰ্থাৎ কাণৰ ভিতৰত থকা স্পন্দন গ্ৰহণকাৰী পাতল ছালখন অকৰ্ম্মণ্য হয়, তেন্তে তাৰ শুনিবৰ উপায় কি? এক উপায আছে, শ্ৰবণেন্দ্ৰিয়ৰ স্নায়ুবোৰলৈ কোনো প্ৰকাৰে বতাহৰ স্পন্দন পঠিয়াই দিযা। দেখা গৈছে, যে অমৰ আগদাঁতৰ লগত শব্দবহনকাৰী স্নাযুৰ সংযোগ আছে। আমি যদি এচটা ডাঠ কাগজৰ এটা মূৰ দাঁতেৰে কামুৰি ধৰি আনটো মূৰ হাতেৰে ভিৰাই ধৰোঁ, তেনেহলে শব্দৰ ঢৌবে আহি কাগজ চটাত পৰি তাক কঁপাই দিব, দাঁতে আকৌ শব্দ-বহনকাৰী স্নায়ুক কঁপাই দিব, তেতিযা আমি শব্দ শুনিবলৈ পাম। কলা মানুহক এনেকুৱা উপায় অৱলম্বন কৰা অনেকে দেখা পাইছে।

 আমাৰ শ্ৰবণেন্দিয়ই সকলো প্ৰকাৰ বতাহৰ টো অনুভৱ কৰিব নোৱাৰে। আমি হাত বা বিচনী লৰালে বতাহত যি ঢৌ উৎপন্ন হয তাক অনুভৱ কৰিবলৈ আমাৰ শ্ৰবণেন্দ্ৰিয় তেনেই সক্ষম। দেখা গৈছে, যে এক ইঞ্চিতকৈ চুটি আৰু প্ৰায় ৪০ ফুটতকৈ দীঘল ঢৌ আমি অনুভৱ কৰিব নোৱাৰো। কিন্তু চৰাইৰ ভিতৰত বাদুলিযে নিজৰ ডৌকা কোবাওঁতে বতাহত উৎপন্ন হোৱা ঢৌৰ শব্দ শুনিবলৈ পায। এই কাৰণে সি ঘোৰ অন্ধকাৰ ৰাতিতো ক’তো খুন্দা খুন্দি নোখোৱাকৈ উৰি ফুৰিব পাৰে; কাৰণ আগত গছ, ঘৰ বা আন কিবা প্ৰতিবন্ধক থাকিলে তাৰ ডৌকাৰ পৰা হোৱা ঢৌবিলাক তাত খুন্দা খাই প্ৰতিবন্ধকস্বৰূপে উভতি আহি তাৰ কাণত সোমালেই সি তাৰ আগত থকা প্ৰতিবন্ধকৰ অস্তিত্ব গম পাই সাবধান হব পাৰে;